প্ৰতীক হাজেলাক প্ৰত্যাহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অসমৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক প্ৰত্যাহ্বান জনাইছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।
‘প্ৰতীক হাজেলাক আমি প্ৰত্যাহ্বান জনাইছো, কোন তাৰিখে তেওঁক উচ্চতম ন্যায়ালয়ে ২৭ শতাংশ পুনৰীক্ষণ কৰিবলৈ নিৰ্দেশনা দিলে? কোনটো ৰায়ৰ আধাৰত হাজেলা বা এন আৰ চি কতৃপক্ষই ২৭ শতাংশ পুনৰীক্ষণ কৰিলে সেই কথা জানিব বিচাৰিছো।‘ সংবাদ মাধ্যমৰ জৰিয়তে আজি ৰাজ্যিক সমন্বয়ক গৰাকীক দাসে এইদৰে প্ৰত্যাহ্বান জনায়।
উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা কোনো নিৰ্দেশনা নোপোৱাকৈ হাজেলাই কেনেকৈ এন আৰ চিৰ ২৭ শতাংশ পুনৰীক্ষণ কৰিলে বুলি প্ৰশ্ন কৰি দাসে লগতে কয়, ‘যদি উচ্চতম ন্যায়ালয়ে তেওঁক কৈছিল, তেন্তে ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰক কিয় অন্ধকাৰত ৰাখিলে?’।
‘২৭ শতাংশ পুনৰীক্ষণ কৰিম বুলি বা এইসমূহ এলেকাত পুনৰীক্ষণ কৰিম বুলি এন আৰ চি কতৃপক্ষই ক’ত বিজ্ঞাপন দিলে বা ৰাইজক অৱগত কৰিলে সেই কথা সংবাদমাধ্যমৰ জৰিয়তে অৱগত কৰক।‘ ৰাজ্যিক সমন্বয়ক গৰাকীলৈ দাসৰ আহ্বান।
ইপিনে, ৰাজ্য চৰকাৰে বিচৰা অনুসৰি ২০ শতাংশ পুনৰীক্ষণ হোৱা হেতেন মানুহৰ মাজত ভ্ৰান্ত ধাৰণা নাথাকিল হেতেন বুলি মন্তব্য কৰি দাসে কয় ‘এতিয়া ভ্ৰান্ত ধাৰণা থাকি যাব‘।
বাস্তৱক্ষেত্ৰত এইখন এন আৰ চি শুদ্ধ হৈছে নে সেয়া ৩১ আগষ্টতহে গম পোৱা যাব বুলি মন্তব্য কৰি তেওঁ লগতে কয়, ‘যদি শুদ্ধ এন আৰ চি হয়, তেন্তে ক’বলগীয়া একো নাথাকিব, যদি কেৱল এন আৰ চি হয় তেন্তে ১২০০ কোটি টকা ৰাজ্য চৰকাৰৰ অপচয় হোৱাৰ লগতে ৪০ হাজাৰ কৰ্মচাৰীৰ সময়বোৰ অপচয় হ’ব।‘