NORTHEAST NOW (Assamese)

এন আৰ চিৰ কামত জালিয়াতি কৰি ৰূপহীহাটত গ্ৰেপ্তাৰ হ’ল বিষয়া-কৰ্মচাৰী

October 10, 2018 7:37 am · এন ই নাও নিউজ

নগাওঁ-মৰিগাওঁ জিলাত এন আৰ চিৰ কামত গণ্ডগোল হোৱাৰ ন ন তথ্য পোহৰলৈ আহিয়ে আছে। নগাঁও জিলাৰ ৰূপহীহাট ৰাজহ চক্ৰৰ অন্তৰ্গত উত্তৰ খোটোৱাল এন এছ কেত হোৱা এটা গুৰুতৰ জালিয়াতিৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে আৰু এই সন্দৰ্ভত এন এছ কেটোত কাম কৰা এন আৰ চিৰ তিনিজন বিষয়া-কৰ্মচাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰামতে, ৰূপহীহাটৰ চক্ৰ বিষয়া দৰ্শনা চেতিয়াই নাকচ কৰা এখন অতি গুৰুত্বপূৰ্ণ নথি খচৰা প্ৰকাশৰ আগে আগে হৰণলুকী হৈছিল। এই ঘটনাত উক্ত বিষয়াকেইজন জড়িত থকাৰ সন্দেহ থকাৰ লগতে কম্বাইন্‌ড ভেৰিফিকেইশ্যন ৰিপ’ৰ্ট (চি ভি আৰ) বিকৃত কৰা বুলিও বিষয়া-কৰ্মচাৰীকেইজনৰ বিৰুদ্ধে অভিযোগ উঠিছে।

ইতিমধ্যে ৯ অক্তোবৰত চক্ৰ বিষয়া দৰ্শনা চেতিয়াই ৰূপহীহাট থানাত এখন এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ৬২৮/১৮ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে।

আৰক্ষীয়ে এই গোচৰৰ আধাৰত এ এল আৰ চি আৰ ইদ্ৰিছ আলী (শিক্ষক), এফ এল অ’ নূৰ আহমেদ (শিক্ষক) আৰু কম্পিউটাৰ সহায়ক বাছিতুল হাছান মহম্মদ ইৰছাদক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোক তিনিওজন বৰ্তমান জুৰীয়া থানাৰ আৰক্ষীৰ জিম্মাতেই আছে।

উল্লেখযোগ্য যে এন আৰ চিৰ খচৰা প্ৰকাশৰ প্ৰাক মুহূৰ্তত চক্ৰ বিষয়াগৰাকীয়ে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ নিৰ্দেশ ক্ৰমে পঞ্চায়তটোৰ নথিৰ পুনৰীক্ষণ কেতবোৰ পৰিয়ালৰ লগতে এটা পৰিয়ালৰ এক, তিনি, চাৰি, পাঁচ আৰু ছয় নম্বৰ আই ডিৰ সদস্যকেইজনৰ নথিৰ মান দুৰ্বল হিচাপে গণ্য কৰি নাকচ কৰিছিল। কিন্তু তাৰ পিছতো খচৰাত সেই পৰিয়ালটোৰ এক, তিনি আৰু পাঁচ নম্বৰ সদস্যৰ নাম প্ৰকাশ পাইছিল।

Related News