এন আৰ চি খচৰাত ৰোহিংগিয়া অনুপ্ৰৱেশকাৰীৰ নাম অন্তৰ্ভূক্ত হোৱা বাতৰিক খাৰিজ প্ৰতীক হাজেলাৰ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাত ৰোহিংগিয়া অনুপ্ৰৱেশকাৰীৰ নাম অন্তৰ্ভূক্ত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই অস্বীকাৰ কৰি ইয়াক মিছা আৰু ভিত্তিহীন আখ্যা দিয়ে।
এখন ইৰাংজী সংবাদ মাধ্যমত ২১ আৰু ২২ জুলাইত ৰোহিংগিয়া অনুপ্ৰৱেশকাৰীৰ নাম এন আৰ চিৰ খচৰাত অন্তৰ্ভূক্ত হোৱা বুলি প্ৰকাশিত বাতৰি সন্দৰ্ভত মত ব্যক্ত কৰি হাজেলাই কয় যে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিটো বিভিন্ন অপৰাধত কাছাৰত গ্ৰেপ্তাৰ হোৱা আলম হুছেইন মজুমদাৰ নামৰ ব্যক্তিগৰাকী সন্দৰ্ভত প্ৰকাশিত যাক ৰোহিংগিয়া নাগৰিক বুলি উল্লেখ কৰা হৈছে।
ঘটনাটোৰ লগত সংগতি ৰাখি হাজেলাই কয় যে অমল মজুমদাৰ নামৰ ব্যক্তিগৰাকীৰ নাম নাগৰিকপঞ্জীৰ খচৰাত অন্তৰ্ভূক্ত হোৱা নায়। তেওঁ পৰিয়াল বৃক্ষ পৰ্যবেক্ষণৰ সময়ত জাল জন্মৰ প্ৰমাণ পত্ৰ দাখিল কৰাৰ বাবে ভাৰতীয় নাগৰিক হিচাপে যোগ্যতা প্ৰমাণত ব্যৰ্থ হয়।
আনহাতে, বাতৰিটো এন আৰ চি কৰ্তৃপক্ষৰ লগত ঘটনা সন্দৰ্ভত স্পষ্টতা পৰীক্ষা নকৰাকৈ সংবাদ মাধ্যমে প্ৰকাশ কৰা বুলি প্ৰতীক হাজেলাই মত প্ৰকাশ কৰে।
নাগৰিকপঞ্জী উন্নীতকৰণৰ স্বচ্ছতা সন্দৰ্ভত সন্দেহৰ সৃষ্টি কৰাৰ কাৰণে এন ধৰণৰ দায়িত্বজ্ঞানহীন আৰু মিছা সংবাদ প্ৰকাশ কৰাৰ ক্ষেত্ৰত এনেদৰে স্পষ্টীকৰণ দিবলগীয়া হৈছে বুলি এন আৰ চিৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে উল্লেখ কৰে।