NORTHEAST NOW (Assamese)

অসম চুক্তিৰ ফচলে এবছৰতে ১৬৮.০২ কোটি টকাৰ লাভ দিছে চৰকাৰক

September 21, 2018 7:23 pm · এন ই নাও নিউজ
Updated: September 21, 2018 11:43 pm
এন আৰ এলৰ লাভৰ চেক প্ৰদানৰ শুকুৰবাৰৰ দৃশ্য।

অসম চৰকাৰক শুকুৰবাৰে লাভৰ ২২.৭১ কোটি টকা প্ৰদান কৰে অসম চুক্তিৰ আধাৰত স্থাপিত ৰাজহুৱা উদ্যোগ নুমলীগড় শোধনাগাৰ লিমিটেদে

ৰাজ্য চৰকাৰৰ ১২.৩৫ শতাংশ ইকুইটি শ্বেয়াৰৰ বিনিময়ত ২০১৭-১৮ বৰ্ষত শোধনাগাৰটোৱে চৰকাৰক মুঠ ১৬৮.০২ কোটি টকা লাভ প্ৰদান কৰিছে।

শোধনাগাৰটোৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত প্ৰদান কৰে ২০১৭-১৮ বৰ্ষৰ চূড়ান্ত কুৱাৰ্টাৰৰ লাভৰ অসম চৰকাৰে পাব লগা অংশৰ চেক।

বাকী ১৪৫.৩১ কোটি টকাৰ লাভাংশ চৰকাৰক শোধনাগাৰটোৱে পূৰ্বেই প্ৰদান কৰিছিল।

চেক প্ৰদানৰ সময়ত সঞ্চালককে ধৰি এন আৰ এলৰ শীৰ্ষ বিষয়াসকলো উপস্থিত আছিল।

উল্লেখযোগ্য যে ২০১৬-১৭ বৰ্ষত উত্তৰ-পূবৰ সৰ্বাধিক কৰ্পৰে’ট টেক্স প্ৰদানকাৰী প্ৰতিষ্ঠানো এন আৰ এল।

অসম চুক্তিৰ আধাৰত স্থাপিত এই ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোত অসম চৰকাৰৰ উপৰি ভাৰত পে’ট্ৰলিয়াম কৰ্পৰে’চন লিমিটেদৰ ৬১.৬৫% আৰু অইল ইন্দিয়া লিমিটেদৰ ২৬% শ্বেয়েৰ আছে।

Related News