NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়াত সেনাৰ জালত দুৰ্ধৰ্ষ এন এছ চি এন (আৰ) কেডাৰ

Posted by: মানস প্ৰতীম গগৈ Updated by: মানস প্ৰতীম গগৈ June 11, 2020 7:53 pm

তিনিচুকীয়া জিলাৰ লিডুত সেনাৰ অভিযানত এগৰাকী দুৰ্ধৰ্ষ এন এছ চি এন(আৰ) কেডাৰ আটক হয়।

আটকাধীন এন এছ চি এন(আৰ) সদস্য গৰাকী চাৰ্জেণ্ট নংপং সন্দিকৈ বুলি চিনাক্ত কৰা হৈছে।

আজি ৯ নং ৰাজপুতানা ৰাইফলচৰ এটা তহলদাৰী দলে এক গোপন সূত্ৰৰ পৰা লিডুত এন এছ চি এন(আৰ)ৰ সদস্য এগৰাকীয়ে বাহৰ পতা বুলি খবৰ লাভ কৰে।

সূত্ৰৰ খবৰৰ ভিত্তিত অভিযানকাৰী দলটোৱে লিডু ৰেলৱে ষ্টেশ্যনৰ সমীপৰ পৰা চাৰ্জেন্ট নংপং সন্দিকৈ নামৰ কেডাৰ গৰাকীক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন কেডাৰ গৰাকীৰ পৰা সেনাবাহিনীৰ দলটোৱে এটা পইন্ট টু টু পিষ্টল, এটা মেগজিন আৰু  ৪ জাঁ‌ই সজীৱ গুলীসহ দুটা মোবাইল ফোন জব্দ কৰে।

কেডাৰজনৰ বিৰুদ্ধে মাৰ্ঘেৰিটা থানাত এক গোছৰ ৰুজু কৰি বৰ্তমান অধিক তথ্যৰ বাবে তদন্ত চলায় থকা হৈছে।