NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত এন এছ চি এন(আই এম)ৰ কেডাৰ আটক; জব্দ নগদ ১৫ লাখ টকা

Posted by: অভিক চক্ৰৱৰ্তী Updated by: অভিক চক্ৰৱৰ্তী June 30, 2019 11:35 am
dibru-nscn-750x375

ডিব্ৰুগড়ৰ আমোলাপট্টি অঞ্চলৰ পৰা শুকুৰবাৰে নিশা আৰক্ষী আৰু চি আৰ পি এফৰ এটা যৌথ অভিযানকাৰী দলে খামপাই ৱাংচু নামৰ এজন এন এছ চি এন (আই এম)ৰ এজন কেডাৰ আটক কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে এন এছ চি এন (আই এম)ৰ কেডাৰজন নাগালেণ্ডৰ ডিমাপুৰৰ পৰা আহিছিল আৰু শীৰ্ষ নেতৃত্বৰ নিৰ্দেশত উগ্ৰপন্থী সংগঠনটোৰ হৈ দাবী কৰা ধন সংগ্ৰহ কৰিবলৈ ডিব্ৰুগড়ত বিগত কেইবাদিনো ধৰি বাহৰ পাতি আছিল।

‘’ডিব্ৰুগড় চহৰত এজন এন এছ চি এন (আই এম)ৰ কেডাৰে উগ্ৰপন্থীৰ বাবে পুজি সংগ্ৰহ কৰাৰ তথ্য আমি লাভ কৰিছিলো। কালি আমি এক অভিযান চলাই এখন বলেৰো বাহনৰ (এ এছ/০৪-জি-৪৮০৩) পৰা কাজিমুদ্দিন নামৰ লোকক আটক কৰো। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত, আমি দাবী কৰা ধন সংগ্ৰহ কৰাৰ সৈতে জড়িত থকা বুলি স্বীকাৰ কৰা এন এছ চি এন (আই এম)ৰ কেডাৰজনক আটক কৰো। তেওঁক অনুসৰণ কৰিয়েই আমি অৰুণাচল প্ৰদেশৰ পৰা নগদ ১৫ লাখ টকাৰ সৈতে চাৰিজন লোকক আটক কৰিবলৈ সক্ষম হওঁ। উক্ত টকাখিনি ধৃত কেডাৰজনক দিবলৈ অনা দাবী কৰা ধন বুলি আমি সন্দেহ কৰিছো। জেৰা বৰ্তমানো অব্যাহত আছে,’’-ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুব বৰাই শনিবাৰে এইদৰে কয়।

আৰক্ষীয়ে যদিওবা বিশেষ বাখ্যা আগবঢ়োৱা নাই, সূত্ৰসমূহে জানিব দিয়ে যে নগদ ধনেৰে সৈতে আটক কৰা লোক চাৰিজন অৰুণাচল প্ৰদেশৰ ৰুৰেল ৱৰ্কছ ডিপাৰ্টমেন্ট (আৰ ডব্লিউ ডি)ৰ আৰু ইয়াৰে দুজন কনিষ্ঠ অভিযন্তা, এজন অভিযন্তা আৰু আনজন এজন নিম্নবৰ্গৰ সহায়ক।

আনহাতে,আটক কৰা এন এছ চি এন (আই এম)ৰ কেডাৰজন অৰুণাচল প্ৰদেশৰ লংডিঙ জিলাৰ নৌছা গাঁৱৰ বুলি জানিব পৰা গৈছে।