NORTHEAST NOW (Assamese)
অসম

চৰাইডেউৰ সোণাৰি-নামতোলা পথত এন এছ চি এন (আই এম)ৰ কেডাৰ আটক

Posted by: অভিক চক্ৰৱৰ্তী Updated by: অভিক চক্ৰৱৰ্তী October 10, 2018 4:13 pm
NSCN (IM)

সেনা বাহিনীয়ে এক অভিযান চলাই যোৱা ৯ অক্তোবৰত চৰাইডেউ জিলাৰ সোণাৰি-নামতোলা পথত এগৰাকী এন এছ চি এন (আই এম)ৰ কেডাৰ আটক কৰে।

সেনা বাহিনীৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে সোণাৰি-নামতোলা পথৰ এলেকাত এন এছ চি এন(আই এম)ৰ কেডাৰৰ উপস্থিতি সম্পৰ্কে স্থানীয় সূত্ৰৰ পৰা খবৰ লাভ কৰি সেনাৰ ৯ নং ৰাজপুটানা ৰাইফলছে অভিযান চলাই কেডাৰজনক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন কেডাৰজনক নাগালেণ্ডৰ ম’ন জিলাৰ লংফক গাঁৱৰ ৱাংলেই কন্যাক বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ পৰা এটা ফেক্টৰিত নিৰ্মিত .২২ পিষ্টল উদ্ধাৰ কৰা হয়।

পিছত ৯ নং ৰাজপুটানা ৰাইফলছে কেডাৰজনক নামতোলা আৰক্ষী থানাত গটাই দিয়ে।