NORTHEAST NOW (Assamese)
অসম

জাগুনত ৰাজপুতনা ৰাইফলছৰ দ্বাৰা এন এছ চি এন খাপলাঙৰ কেডাৰ আটক

Posted by: অভিক চক্ৰবৰ্তী November 7, 2018 1:01 pm
IMG-20181107-WA0024

ৰাজপুতনা ৰাইফলছৰ ৯ নং বেটেলিয়নৰ এটা অভিযানকাৰী দলে মঙলবাৰে তিনিচুকীয়া জিলাৰ জাগুন ঘাটৰ পৰা এন এছ চি এন খাপলাঙৰ এজন দুৰ্ধৰ্ষ কেডাৰক আটক কৰিবলৈ সক্ষম হয়।

স্থানীয় সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিতে অভিযানকাৰী দলটোৱে সদস্যজনক আটক কৰে বুলি জানিবলৈ দিয়ে। অভিযানৰ সময়ত এন এছ চি এন খাপলাঙৰ চাৰ্জেণ্ট মেজৰ বানহম হাংফুক(৩২) নামৰ কেডাৰজন গ্ৰেপ্তাৰ হয়।

আটকাধীন দুৰ্ধৰ্ষ কেডাৰজন অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ফাংটিপ য়াটডান গাঁৱৰ বুলি জানিবলৈ দিয়ে অভিযানকাৰী দলটোৱে। ইতিমধ্যে কেডাৰজনক জাগুন আৰক্ষীক গতাই দিয়াৰ লগতে এটা গোচৰো ৰুজু কৰিছে।

উল্লেখ্য যে বিগত কিছুদিনৰ পৰা উজনি অসমত সন্ত্ৰাসবাদী সংগঠন সমূহে বিভিন্ন কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰি থকা পৰিলক্ষিত হৈছে। সেয়ে এনেধৰণৰ কূটাঘাতমূলক কাৰ্য নিয়ন্ত্ৰন কৰাৰ বাবে সেনা আৰু আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলা বুলি জানিব পৰা গৈছে।