NORTHEAST NOW (Assamese)
অৰুণাচল

মেওত এন এছ ছি এন(কে) দুৰ্ধৰ্ষ কেডাৰ আটক; চীনত নিৰ্মিত ৰাইফল জব্দ

Posted by: মানস প্ৰতীম গগৈ Updated by: মানস প্ৰতীম গগৈ September 4, 2020 6:44 pm

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মেও থানাৰ অন্তৰ্গত এমপেন গাঁ‌ৱত নগা উগ্ৰপন্থী সংগঠন এন এছ ছি এন(কে)ৰ এজন দুৰ্ধৰ্ষ কেডাৰ আজি আটক সেনা বাহিনীৰ হাতত আটক হয়।

৩ ছেপ্তেম্বৰৰ বিয়লি প্ৰায় চাৰিমান বজাত ১৭১ বেটেলিয়নৰ চি আৰ পি এফ, ১৪ ৰাজপুত ৰেজিমেণ্ট আৰু অৰুণাচল প্ৰদেশৰ আৰক্ষীয়ে অভিযান চলাই এমপেন গাঁ‌ৱৰ পৰা ৱাংমন খিমন (২৭)নামৰ এজন এন এছ ছি এন(কে)ৰ দুধৰ্ষ সদস্য আটক কৰি আজি অৰুণাচল প্ৰদেশৰ মেও আৰক্ষীক গতাই দিয়ে।

আটকাধীন কেডাৰ জনৰ পৰা চীনত নিৰ্মিত এটা অট’এচাল্ট ৰাইফল, এটা মেগজিন, ২৯ জাঁ‌ই সজীৱ গুলী, এটা বেগ, এখন এচ বি আই ৰ এ টি এম কাৰ্ড, এখনকৈ পান কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড জব্দ কৰিছে।

ইতিমধ্যে ধৃত কেডাৰ জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৮৪/৩৪ আইপিচি, আৰ ডব্লিউ চেকছন ২৫(১-এ)/২৭ আৰ্মছ এক্ট, ইউ পি এ এক্ট ১০/১৩ ৰ অধীনত মেও থানাত ১৩/২০২০ নম্বৰৰ এক গোছৰ ৰুজু কৰি সেনা আৰু অৰুণাচল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।