NORTHEAST NOW (Assamese)
Popular Stories

‘কা’ৰ বিৰুদ্ধে মহানগৰীত NSUIৰ প্ৰতিবাদ; ৰাষ্ট্ৰীয় সভাপতিকে ধৰি শতাধিকক আটক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 1, 2020 4:05 pm

‘কা’ৰ বিৰুদ্ধে আজি গুৱাহাটীত NSUIৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা সংগঠনটোৰ ৰাষ্ট্ৰীয় সভাপতি নিৰজ কুণ্ডনক মহানগৰ আৰক্ষীয়ে আটক কৰে। তেওঁৰ লগতে NSUIৰ অসমৰ ৰাজ্যিক সভাপতি জ্যোতিবিকাশ চাংমাইকে ধৰি শতাধিক প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰি লৈ যায়।

উল্লেখযোগ্য যে অসম ৰাজ্যিক NSUIয়ে আজি মহানগৰীৰ গুৱাহাটী ক্লাবত ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। তাতে অংশ ল’বলৈ দিল্লীৰ পৰা আহি উপস্থিত হৈছিলহি নিৰজ কুণ্ডন।

নিৰজে ভাষণ প্ৰদান কৰাৰ পাছতে NSUIৰ প্ৰতিবাদকাৰীসকলে ৰাজ্যপালক স্মাৰকপত্ৰ দিয়াৰ উদ্দেশ্যে ৰাজভৱনলৈ সমদল উলিয়াবলৈ চেষ্টা কৰে। কিন্তু আৰক্ষীয়ে বেৰিকেড দি ৰখাবলৈ চেষ্টা কৰে প্ৰতিবাদী সমদলটো। তাৰ পাছতে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় লগতে আৰক্ষী প্ৰতিবাদকাৰীৰ মাজত হতা হতিৰ সৃষ্টি হয়।

প্ৰতিবাদকাৰী সকলে বেৰিকেড ভাঙি পাৰ হৈ যাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে তেওঁলোকক আটক কৰি পানবজাৰ থানালৈ লৈ যায়।