NORTHEAST NOW (Assamese)

উলংগ প্ৰতিবাদ : জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদকাৰী

January 7, 2019 12:51 pm · এন ই নাও নিউজ
Updated: January 7, 2019 2:44 pm
সংসদ ভবনৰ সন্মুখত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে অসমৰ প্ৰতিবাদকাৰীৰ উলংগ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিয়ে আজি নতুন দিল্লীৰ সংসদ ভৱনৰ সমীপত উলংগ হৈ প্ৰতিবাদ সাৱ্যস্ত কৰে। প্ৰতিবাদকাৰীসকলক অৱশ্যে অলপ পাছতে আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা উঠাই লৈ যায়।

লোকসভাত যুটীয়া সংসদীয় সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ পূৰ্বে অসমৰ জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে সংসদ ভৱনৰ সন্মুখতে এনেদৰে নগ্ন হৈ প্ৰতিবাদ সাৱ্যস্ত কৰা বিষয়টোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে অসমৰ জাতীয় দল-সংগঠনসমূহে চলাই অহা তীব্ৰ প্ৰতিবাদকো নেওচি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে বিধেয়কখন গৃহীত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে আজি সংগঠনকেইটাৰ প্ৰতিনিধিয়ে চৰম প্ৰতিবাদ সাৱ্যস্ত কৰে।

অসমৰ ৭০ টাতকৈয়ো অধিক জাতীয় সংগঠনে আজি ক’লা দিৱস পালন কৰাৰ মাজতে নতুন দিল্লীৰ মাজমজিয়াত এইদৰে উলংগ হৈ কৰা প্ৰতিবাদ কেন্দ্ৰীয় চৰকাৰৰ গণতান্ত্ৰিক প্ৰতিবাদৰ প্ৰতি কৰা ভেঙুচালিৰ প্ৰত্যুত্তৰ হিচাপে সংগঠনকেইটাৰ প্ৰতিনিধিয়ে এইদৰে সাৱ্যস্ত কৰে।

উলংগ হৈ এইদৰে কৰা আজিৰ এই প্ৰতিবাদ ক’লা দিৱসৰ পালনৰ দিনটোতে এক ক’লা অধ্যায় হিচাপেওপৰিগণিত হৈ ৰ’ব।

উল্লেখযোগ্য যে বিগত ২০০৪ চনৰ ১৫ জুলাইত মণিপুৰত এইদৰে মহিলা কৰা উলংগ প্ৰতিবাদৰ এখন ছবিয়েস সমগ্ৰ বিশ্বতে খলকনি তুলিছিল। সেইদিনা ১২ গৰাকীকৈ মধ্যবয়সীয়া মাতৃয়ে ইম্ফলৰ কাংলা ফ’ৰ্টৰ সন্মুখত হাতত ‘ভাৰতীয় সেনা আমাক ধৰ্ষণ কৰক’ (Indian Army Rape Us) লিখা বেনাৰ লৈ উলংগ হৈ প্ৰতিবাদ সাৱ্যস্ত কৰিছিল। কাংলাত তেতিয়া আসাম ৰাইফলছৰ শিৱিৰ আছিল।

আসাম ৰাইফলছৰ দ্বাৰা থাংগিয়াম মনোৰামা নামৰ মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ তুলি মণিপুৰত সেই ‘উলংগ প্ৰতিবাদ’ সাৱ্যস্ত কৰা হৈছিল। সুৰক্ষা বাহিনীৰ মতে মনোৰমা নিষিদ্ধ ঘোষিত পীপলছ লিবাৰেশ্যন আৰ্মিৰ এগৰাকী সদস্য আছিল।

Related News