NORTHEAST NOW (Assamese)
Popular Stories

৩ এপ্ৰিলত ৰাজ্যত নতুন ক’ৰ’না পজিটিভ ৮ গৰাকী; মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ২৪

Posted by: কল্পজ্য়োতি শইকীয়া Updated by: কল্পজ্য়োতি শইকীয়া April 4, 2020 6:01 am
Story-3-14-750x375

অসমত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্য়া ২৪ জনলৈ বৃদ্ধি পাইছে।

৩ এপ্ৰিলত নিশা স্বাস্থ্য় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে নতুনকৈ আৰু চাৰিগৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ কথা সদৰী কৰে।

ইয়াকে ধৰি ৩ এপ্ৰিলত অসমৰ মুঠ ৮ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হয়। এই আঠ গৰাকী লোকৰ ভিতৰত তিনিগৰাকী লোক নলবাৰীৰ, এগৰাকী লোক দক্ষিণ শালমাৰাৰ, এগৰাকী লোক কামৰূপ(মেট্ৰ’), এগৰাকী লোক কামৰূপ(গ্ৰাম্য) ,এগৰাকী লোক মৰিগাঁৱৰ আৰু এগৰাকী লোক গোলঘাটৰ।

৩ এপ্ৰিলত ৰাজ্যত ক’ৰ’না পজিটিভ হোৱা মুঠ ৮ গৰাকী লোকৰ ভিতৰত ৬ গৰাকী লোকৰ নিজামুদ্দিনৰ লগত সম্পৰ্ক থকাৰ বিপৰীতে এগৰাকী লোকৰ নিজামুদ্দিনৰ সৈতে সম্পৰ্ক নায়।

উল্লেখযোগ্য যে, ৩১ মাৰ্চত ৰাজ্যৰ প্ৰথম গৰাকী ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোক চিনাক্ত হোৱাৰ পাছত মাত্ৰ চাৰিদিনৰ ভিতৰত ক’ৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই ২৩ স্পৰ্শ কৰিছে।

দেশত দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ জামাতৰ ঘটনাৰ পাছতে ক’ৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা বুলি গৃহ মন্ত্ৰ্য়ালয়ে স্বীকাৰ কৰিছে।