NORTHEAST NOW (Assamese)
অসম

ভাৰতত ১০০০ অতিক্ৰম কোভিদ-১৯-ত মৃত্যুৰ সংখ্যা; আৰোগ্য ৭,৬৯৬ গৰাকী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 29, 2020 11:18 am
COVID 19

ভাৰতত মহামাৰী ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাই ১০০০ অতিক্ৰম কৰিছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে বুধবাৰে ভাৰতত বৰ্তমানলৈ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত ১,০০৭ গৰাকী লোকৰ মৃত্যু হৈছে বুলি সদৰি কৰে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে লগতে বৰ্তমানলৈ ভাৰতত মুঠ ৩১,৩৩২ গৰাকী ব্যক্তি ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে বুলি উল্লেখ কৰিছে। ক’ৰ’না আক্ৰান্ত হোৱা ৩১,৩৩২ গৰাকী ব্যক্তিৰ ভিতৰত ১০০৭ গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে ৭,৬৯৬ গৰাকী ব্যক্তি আৰোগ্য লাভ কৰি চিকিৎসালয়ৰ পৰা মুক্তি লাভ কৰিছে।

দেশত বৰ্তমান মুঠ ২২,৬২৯ টা সক্ৰিয় ক’ৰ’না পজিটিভ কেচ আছে।

আনহাতে, ভাৰতৰ ভিতৰত মহাষ্ট্ৰত সৰ্বাধিক সংখ্যক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

মহাৰাষ্ট্ৰত ৯০০০ কৈ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে ৪০০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

ভাৰতত মহাৰাষ্ট্ৰ, দিল্লী, গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ আটাইতকৈ বেছি ক’ৰ’না ভাইৰাছৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।