NORTHEAST NOW (Assamese)
অসম

৩ গৰাকী কেন্সাৰ ৰোগীক “ধৰ্ষণ” নাৰ্চৰ, গুৱাহাটীৰ চিকিৎসালয়ত ভয়ংকৰ ঘটনা

Posted by: এন ই নাও নিউজ January 17, 2019 4:55 pm
dr b borooah cancer institute Guwahati

দুৰ্গতজনক সেৱা আগবঢ়োৱাৰ সলনি গুৱাহাটীৰ ডাঃ বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানৰ আই চি ইউত তিনিগৰাকী কেন্সাৰ ৰোগীক “ধৰ্ষণ”ৰ ভয়ংকৰ অভিযোগত আৰক্ষীৰ জালত পৰিছে কমলকান্তি সেন চৌধুৰী (২৬ বছৰ) নামৰ এজন নাৰ্চ।

অভিযোগ মতে ত্ৰিপুৰাৰ যুৱকজনে চিকিৎসালয়খনত এ এন এম নাৰ্চৰূপে কৰ্তব্যৰত অৱস্থাত যোৱা ৩১ ডিচেম্বৰত দুৰাৰোগ্য ৰোগত গুৰুতৰভাৱে অসুস্থ মহিলাকেইগৰাকীক “ধৰ্ষণ” কৰিছিল।

কিন্তু “ঘটনা”টোৰ পিছতে অভিযুক্ত সেনে গুৱাহাটীৰ চিকিৎসালয়খনৰ চাকৰি ইস্তফা দি নিজ ৰাজ্যত চাকৰিত যোগদান কৰিছিল।

যোৱা দেওবাৰে পল্টন বজাৰ আৰক্ষীয়ে সেনক ত্ৰিপুৰাৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছত সোমবাৰে কামৰুপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে তেওঁক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

সেনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ এ (i) (ii), ৩৭৬ (২) আৰু ৫১১ ধাৰাৰ অধীনত এক গোচৰ (৪২/ ২০১৯) ৰুজু কৰিছে।

ৰোগীকেইগৰাকীৰ অভিযোগৰ পিছতে চিকিৎসালয়খনৰ অধীক্ষকে বিভাগীয় তদন্ত ঘোষণা কৰাৰ লগতে পল্টন বজাৰ থানাত অভিযোগ দাখিল কৰিছিল।