NORTHEAST NOW (Assamese)
Popular Stories

আছুৰ অভিযোগৰ পিছতে গোলাঘাট নাৰ্ছিং হোমৰ বিৰুদ্ধে তদন্ত ঘোষণা জিলা উপায়ুক্তৰ

Posted by: ঋতুপল্লব শইকীয়া Updated by: ঋতুপল্লব শইকীয়া June 18, 2020 8:51 pm

গোলাঘাট নগৰৰৰ মাজমজিয়াত থকা গোলাঘাট নাছিং হোম নামৰ ব্যক্তিগত চিকিৎসালয়খনৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে জিলা উপায়ুক্তই।

আজি গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই গোলাঘাটৰ জিলা উপায়ুক্তক চিকিৎসালয়খনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত এখন স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিছতে উপায়ুক্ত গৰাকীয়ে এই কথা সদৰী কৰে।

উল্লেখযোগ্য যে গোলাঘাট নাছিং হোমত কৰ্মৰত দুগৰাকী লেবৰেটৰি টেকনিচিয়ানৰ দেহত ক’ৰ’না ৰোগ ধৰা পৰাৰ পিছত পুনৰ উক্ত চিকিৎসালয়ৰ ৫ গৰাকীকৈ লোকৰ দেহত ক’ৰ’না সংক্ৰমণ হোৱাৰ তথ্য পোহৰলৈ অহাত আছুয়ে চিকিৎসালয়খনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছিল।

আছু গোলাঘাট সমিতিয়ে ব্যক্তিগত চিকিৎসালয়খনৰ অবিবেচনাপূৰ্ণ কামকাজৰ বাবে গোলাঘাট নগৰখন ক’ৰ’নাৰ অভিকেন্দ্ৰত পৰিণত কৰা বুলি অভিযোগ তোলে।

শেহতীয়াকৈ চিকিৎসালয়খনৰ চাৰি গৰাকী নাৰ্ছ আৰু  এগৰাকী নিৰ্মাণ কৰ্মী ক‘ৰ’নাত আক্ৰান্ত হোৱাৰ পিছত গণ সংক্ৰমণৰ আশঙ্কা বৃদ্ধি পাইছে বুলি উল্লেখ কৰি জিলা প্ৰশাসনে চিকিৎসালয়খনৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰা কাৰ্যত উদ্বেগ প্ৰকাশ কৰিছিল।

ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধি দলটোৰ পৰা স্মাৰকপত্ৰ গ্ৰহণ কৰাৰ পিছত উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীয়ে চিকিৎসালয়খনৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ আৰু  যুটীয়া স্বাস্থ্য সঞ্চালকৰ এক তদন্ত ঘোষণা কৰা বুলি জানিবলৈ দিয়ে।

এই প্ৰসংগত উপায়ুক্ত গৰাকীয়ে  জনসাধাৰণৰ অসচেতনতাৰ বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি মাস্ক পৰিধান নকৰাৰ বাবে কেৱল আজিৰ দিনটোতে তিনি হাজাৰ দুশ টকা জৰিমনা লাভ কৰে বুলি কয়। তেওঁ লগতে ক’ৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ পৰা নগৰৰ সকলো দোকান বজাৰ পুৱা ৯ বজাৰ পৰা গধূলি ৬ বজালৈ খুলি ৰখাৰ নিৰ্দেশ দিয়া বুলি কয়।