NORTHEAST NOW (Assamese)
অসম

অ’ল্ড বয়জ এছ’চিয়েচন অফ সৈনিক স্কুলৰ উদ্যোগত ‘প্ৰশ্নম-২০২২’ শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুকলি কুইজ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 25, 2022 6:35 pm
Old Boys Association of Sainik School Goalpara

অসমৰ অন্যতম সন্মানীয় ৰাজহুৱা বিদ্যালয়, গোৱালপাৰাৰ সৈনিক স্কুলৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ সংগঠন “অ’ল্ড বয়জ এছ’চিয়েচন অফ সৈনিক স্কুল, গোৱালপাৰা” (OBASSG)ৰ উদ্যোগত “প্ৰশ্নম-২০২২” শীৰ্ষক এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুকলি কুইজ প্ৰতিযোগিতা আয়োজন কৰা হৈছে।

প্ৰস্তাৱিত বাৰ্ষিক কুইজ অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে এই ধৰণৰ ফিডাৰ বিদ্যালয়সমূহৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা। অহা ৯ নৱেম্বৰত গুৱাহাটীৰ মাছখোৱাস্থিত আই.টি.এ প্ৰেক্ষাগৃহত এই কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

১৬ বৰ্ষৰ উৰ্ধৰ যিকোনো লোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। “অ’ল্ড বয়জ এছ’চিয়েচন অফ সৈনিক স্কুল, গোৱালপাৰা”ই এক্সেল পাব্লিক স্কুলৰ সৈতে এই অনুষ্ঠানটোৰ আয়োজন কৰিছে।

প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীক ২৫,০০০- টকা প্ৰদান কৰা হ’ব। সেইদৰ দ্বিতীয় স্থান লাভ কৰা অংশগ্ৰহণকাৰীক ২০,০০০ টকা প্ৰদান কৰা হ’ব। আনহাতে তৃতীয় স্থানপ্ৰাপ্ত প্ৰতিযোগীয়ে লাভ কৰিব ১৫,০০০ টকাৰ পুৰস্কাৰ।

উল্লেখ্য যে এই বিদ্যায়তনিক অনুষ্ঠানটোৰ আনুষ্ঠানিক মিডিয়া অংশীদাৰ হিচাপে আছে ‘নৰ্থইষ্ট নাও’।

বৰ্তমান ৬০০০ তকৈও অধিক সদস্য থকা “অ’ল্ড বয়জ এছ’চিয়েচন অফ সৈনিক স্কুল, গোৱালপাৰা” নামৰ এই প্ৰাক্তন ছাত্ৰৰ সংস্থাটোত প্ৰতিটো বৰ্ষতে ক্ৰমান্বয়ে শতাধিক সদস্য সংখ্যা বৃদ্ধি পাই আহিছে।