NORTHEAST NOW (Assamese)
অসম

অ’ বি বি শিক্ষকক পুৰণি পেঞ্চন নীতিৰ আওতালৈ অনাৰ দাবী সন্মিলিত অ’ বি বি শিক্ষক সন্থাৰ

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও February 28, 2022 2:55 pm

পুৰণি বঙাইগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ত সন্মিলিত অ’ বি বি শিক্ষক সন্থাৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় ৷

বঙাইগাঁও অ’ বি বি শিক্ষক সন্থাৰ উদ্যোগত অনুষ্ঠিত সভাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পবিত্ৰ বৰা উপস্থিত থাকে।

ভাষণ প্ৰসংগত বৰাই কয় যে বিগত ২০০১ চনতে অ’ বি বি শিক্ষকসকলৰ চাকৰি চৰকাৰে নিয়মীয়াকৰণ কৰে যদিও তেওঁলোকৰ পেঞ্চন নতুন নিৰিখ মতেহে কাৰ্যকৰী কৰিছে ৷

অ’ বি বি শিক্ষক সন্থাই ৰাজ্য চৰকাৰক পুৰণি পেঞ্চন নীতিৰ ভিত্তিত পেঞ্চন প্ৰদান কৰিবলৈ আহবান জনাই আহিছে বুলি মন্তব্য কৰি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বৰাই কয় যে চৰকাৰে এই দাবী মানি ল’ব বুলি তেওঁলোক আশাবাদী ৷

লগতে শিক্ষা বিভাগৰ সৈতে এই বিষয়ত কেইবালানি আলোচনা অনুষ্ঠিত কৰাৰ কথাও বৰাই উল্লেখ কৰে৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পবিত্ৰ বৰাই অ’ বি বি শিক্ষকসকলে জনাই অহা দাবী সমূহ শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে চৰকাৰক আহ্বান জনায় ৷