NORTHEAST NOW (Assamese)
অসম

মৃত্যু নোহোৱাকৈয়ে অনাতাঁৰ শিল্পীলৈ আহিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰস্তাৱ!

Posted by: চাজিদ খান, ওদালগুৰি Updated by: চাজিদ খান, ওদালগুৰি March 12, 2022 8:39 am

ওদালগুৰি জিলাৰ কলাইগাঁৱৰ নিকটবৰ্তী চৰণধৰা গাঁৱৰ বিশিষ্ট অনাতাঁৰ শিল্পী ৰেণু শইকীয়া।

ৰেণু শইকীয়া এগৰাকী কামৰূপী লোকগীতৰ অনাতাঁৰ শিল্পী।

স্বামী যতীন নাথ আৰু দুটা সন্তানৰ মাতৃ ৰেণুশইকীয়াৰ মৃত্যু ঘটা বুলি মুখ্যমন্ত্ৰীয়ে শিল্পীগৰাকীৰ পৰিয়ললৈ প্ৰেৰণ কৰিছে এক শোক প্ৰস্তাৱ।

দৰং জিলা প্ৰশাসনৰ লোকে শিল্পীগৰাকীৰ হাতত তুলি দিলে এক শোকবাণী।

মুখ্যমন্ত্ৰীৰ শোকবাণী দেখি হতভম্ব হৈ পৰিল শিল্পীগৰাকী।কিয়নো মুখ্যমন্ত্ৰীৰ শোকবাণীত কিছুদিন আগতে শিল্পীগৰাকীৰ মৃত্যু হোৱা বুলি কোৱা হৈছে।

যোৱা ফ্ৰেবুৱাৰী মাহৰ ৫ তাৰিখে মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ৰ পৰা প্ৰেৰণ কৰা শোক প্ৰস্তাৱটো মাৰ্চ মাহৰ ১০ তাৰিখেহে শিল্পীগৰাকীৰ ঘৰ আহি পালেহি।।

প্ৰশাসনৰ যি জন লোকে মুখ্য মন্ত্ৰীৰ শোকবাণী দিবলৈ শিল্পীগৰাকীৰ ঘৰলৈ আহিছিল তেওঁ সম্ভৱ ভাবিছিল যে ৰেণু শইকীয়াৰ পৰিয়ালক এই শোক প্ৰস্তাৱ দি থৈ যাব।

কিন্তু যেতিয়া স্বয়ং শিল্পীগৰাকীয়ে স্বাক্ষৰ কৰি এই পত্ৰ খন গ্ৰহণ কৰিলে তেতিয়াহে আচৰিত হোৱাৰ পাল প্ৰশাসনৰ লোকজনৰ।শোকবাণীত ‘মৃত’ ৰেণু শইকীয়াই নিজেই স্বাক্ষৰ কৰা দেখি প্ৰশাসনৰ লোক জনে আচৰিত হৈ ক’লে “আপুনি ৰেণু শইকীয়া”।

ইয়াৰ পিছতে মানুহ জন কোৱাকুবিকৈ গুচি গল।

ইয়াৰ কিছু সময় পিছতে প্ৰশাসনৰ লোকে শিল্পীগৰাকীলৈ ফোন কৰি ভুলৰ বাবে ক্ষমা বিচাৰে।

এতিয়া কথা হ’ল কোন বিষয়া-কৰ্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ বাবে এগৰাকী জীৱিত ব্যক্তিক মৃত সজাই তেওঁৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীয়ে শোক প্ৰস্তাৱ প্ৰেৰণ কৰিবলগীয়া হ’ল?

তেনে বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ সদিচ্ছা দেখুৱাব পাৰিবনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?