NORTHEAST NOW (Assamese)
দেশ

ওড়িশা উচ্চ ন্যায়ালয়ঃ ভুক্তভোগীক বিয়া কৰাবলৈ এমাহৰ জামিন প্ৰদান ধৰ্ষ*ণকাৰীক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 28, 2025 11:59 am

ওড়িশাৰ এজন ধৰ্ষণকাৰীক ভুক্তভোগীৰ সৈতে বিবাহপাশত আবদ্ধ হ’বৰ বাবে আদালতে এমাহৰ বাবে জামিন  মঞ্জুৰ কৰিছে। অনুসৰি ওড়িশাৰ যুৱকজনৰ ১৬ বছৰীয়া কিশোৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। অভিযোগ অনুসৰি, তেতিয়াৰ পৰাই তেওঁ বিয়াৰ প্ৰতিশ্ৰুতি দি তাইৰ সৈতে কেইবাবাৰো শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল।

যদিও দুয়োৰে মাজত হোৱা যৌন সম্পৰ্ক আছিল সন্মতিসূচক, আইনগতভাৱে ই ধৰ্ষণৰ শ্ৰেণীৰ অন্তৰ্গত বুলি অদালতে উল্লেখ কৰে। ফলত যুৱকজন তেতিয়াৰ পৰা ন্যায়িক জিম্মাত আছে। আনহাতে, তেওঁৰ প্ৰেমিকা এতিয়াও নাবালিক। এই কথা মনত ৰাখি আদালতে ‘ধৰ্ষণকাৰী’ক ‘ভুক্তভোগী’ক বিয়া কৰাবলৈ এমাহৰ জামিন প্ৰদান কৰে।

ঘটনাক্ৰম অনুসৰি ২০১৯ চনতেই এই কাণ্ডৰ সূত্ৰপাত হৈছিল। অভিযোগ অনুসৰি ওড়িশাৰ যুৱকজনৰ ১৬ বছৰীয়া কিশোৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। অভিযোগ কৰা হৈছে যে তেতিয়াৰ পৰাই তেওঁ কেইবাবাৰো বিবাহৰ প্ৰতিশ্ৰুতি দি তাইৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। ২০২০ আৰু ২০২২ চনত দুবাৰকৈ গৰ্ভধাৰণ কৰিছিল কিশোৰীগৰাকীয়ে। দুয়োবাৰেই প্ৰেমিকাক জোৰকৈ গৰ্ভপাত কৰা বুলিও অভিযোগ উত্থাপন কৰিছে। অৱশেষত ২০২৩ কিশোৰীগৰাকীয়ে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা (POCSO) আইনৰ অধীনত প্ৰেমিকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ দাখিল কৰে। এই অভিযোগৰ ভিত্তিত প্ৰেমিকক জেললৈ প্ৰেৰণ কৰা হয়।

শেহতীয়াকৈ যুৱকজনে এই গোচৰৰ অন্তৱৰ্তীকালীন জামিনৰ বাবে আদালতত আবেদন জনাইছিল। দাবী কৰা হৈছিল যে তেওঁৰ আৰু ছোৱালীজনীৰ পৰিয়ালে বিয়া পাতিবলৈ সিদ্ধান্ত লৈছে। যুৱকজনৰ অধিবক্তাই আদালতত কয়, “ছোৱালীজনীৰ বয়স মাত্ৰ ২২ বছৰ। দুয়োটা পৰিয়ালৰ সন্মতি সাপেক্ষে বিয়া হ’ব। যুৱকজনেও এই বিবাহৰ বাবে সন্মতি দিছে।” লগতে তেওঁ কয় যে যুৱকজনক জামিনত মুকলি কৰি দিয়াৰ পিছত বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব। ইয়াৰ পিছত উচ্চ ন্যায়ালয়ে তেওঁক জামিন মঞ্জুৰ কৰে।

লগতে অভিযোগ দাখিল কৰাৰ পূৰ্বে দুয়োৰে মাজত ঘনিষ্ঠ সম্পৰ্ক আছিল। সেয়ে দুয়োৰে সন্মতি সাপেক্ষে সকলো ঘটিল। আৰু যুক্তি দিছিল যে এতিয়া দুয়োজন পৰিয়ালৰ সন্মতি সাপেক্ষে বিয়া হ’ব। ফলস্বৰূপে দুয়োৰে ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অভিযুক্তক ৰেহাই দিয়া হৈছে। একে সময়তে ন্যায়াধীশগৰাকীয়ে কয় যে আদালতৰ এই সিদ্ধান্তই যাতে চলি থকা আইনৰ সৈতে আপোচ নকৰে সেয়াও নিশ্চিত কৰিছে।