NORTHEAST NOW (Assamese)
অসম

পত্নীৰ মৃতদেহ কান্ধত লৈ কেইবা কিলোমিটাৰ খোজ কাঢ়িলে এগৰাকী স্বামীয়ে; কিন্তু কিয়?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 9, 2023 8:14 pm

পত্নীৰ মৃতদেহ কান্ধত লৈ কেইবা কিলোমিটাৰ বাট খোজ কাঢ়িলে তেওঁৰ স্বামীয়ে। তাৰ পিছত, স্থানীয় আৰক্ষীৰ সহায়ত তেওঁ আৰু তেওঁৰ পত্নীক এখন এম্বুলেন্সত গাওঁৰ ঘৰলৈ লৈ যোৱা হয়। ঘটনাটো সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশত।

চামুলু পাংগী (৩৫) উৰিষ্যাৰ কোৰাপুট জিলাৰ বাসিন্দা। তেওঁ তেওঁৰ অসুস্থ পত্নীক বিশাখাপট্টনমৰ এখন চিকিৎসালয়ত ভৰ্তি কৰিছিল।

চামুলুৰ পত্নী ৩০ বছৰীয়া ইডি গুৰুৱে চিকিৎসাৰ প্ৰতি সঁহাৰি দিয়া নাছিল। সেয়েহে চিকিৎসকৰ পৰামৰ্শ অনুসৰি চামুলুৱে তেওঁৰ পত্নীৰ সৈতে ঘৰলৈ গৈছিল। তেওঁৰ ঘৰ চিকিৎসালয়ৰ পৰা ১০০ কিলোমিটাৰ দূৰত।

চামুলু এখন অটোত কোৰাপুট জিলাৰ চোৰাডা গাঁৱলৈ ঘৰলৈ উভতি আহি আছিল।কিন্তু তেওঁৰ পত্নীৰ বাটত মৃত্যু ঘটে। অটো চালকজনে তেতিয়া চামুলু আৰু তেওঁৰ মৃত পত্নীক চেলুৰু ৰিং ৰোডত নমাই থৈ গুচি যায়।

কোনো বাহন নোপোৱাত চামুলুৱে তেওঁৰ মৃত পত্নীক কান্ধত লৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰে। তেওঁ এনেদৰে কেইবা কিলোমিটাৰ বাট খোজ কাঢ়ে।

বিষয়টো স্থানীয় আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাত তেওঁলোকে এম্বুলেন্সৰ ব্যৱস্থা কৰি দিয়ে। অৱশেষত চামুলুৱে তেওঁৰ পত্নীৰ মৃতদেহ লৈ গাওঁৰ ঘৰলৈ উভতি আহে।