NORTHEAST NOW (Assamese)

উচ্চস্বৰৰ সংগীতৰ দৌৰাত্ম্যত মৃত্যু এজনৰ: গ্ৰেপ্তাৰ ডিজে

February 25, 2024 10:17 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 25, 2024 9:57 am

উচ্চস্বৰৰ সংগীতৰ দৌৰাত্ম্যত প্ৰাণ হেৰুৱাইছে এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে। ব্যক্তিজনৰ মৃত্যুৰ বাবে গ্ৰেপ্তাৰ হৈছে এজন ডিজে। এই ঘটনা উৰিষ্যাৰ।

উৰিষ্যাৰ ৰৌৰকেলাত সৰস্বতী মূৰ্তি বিসৰ্জনৰ সময়ত উচ্চস্বৰত সংগীতৰ বাবে হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হয় ব্যক্তিজনৰ। নিহত লোকজনক প্ৰেমনাথ বাৰাভয়া বুলি চিনাক্ত কৰা হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, সৰস্বতী মূৰ্তি বিসৰ্জন উপলক্ষে সংগীত বজাবলৈ ভদ্ৰক জিলাৰ পৰা এটা ব্যক্তিগত দলক নিমন্ত্ৰণ জনোৱা হৈছিল।

সংগীতৰ উচ্চ স্বৰৰ শব্দত বাৰাভয়াই চেতনা হেৰুৱাই পেলায়। লগে লগে তেওঁক ৰৌৰকেলা চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয়।

কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছতে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। তেওঁৰ মৃত্যুৰ পিছত স্থানীয় ৰাইজে ৰঘুনাথপালী থানা ঘেৰাও কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

স্থানীয় ৰাইজৰ এনে দাবীৰ পিছত আৰক্ষীয়ে অনুষ্ঠানৰ সময়ত সংগীত বজোৱা ডিজেক আটক কৰে। ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

Related News