NORTHEAST NOW (Assamese)
অসম

ওড়িশাত যাজকক প্ৰহাৰৰ ঘটনাত জড়িত বজৰং দল; ভুক্তভোগীক নলাৰ পানী খুৱাই দিয়াৰ অভিযোগ  

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 23, 2026 12:25 pm
ওড়িশাত যাজকক প্ৰহাৰৰ ঘটনাত জড়িত বজৰং দল; ভুক্তভোগীক নলাৰ পানী খুৱাই দিয়াৰ অভিযোগ  

ওড়িশাৰ ঢেংকনাল জিলাৰ পাৰ্জঙত এখন প্ৰাৰ্থনা সভাত এগৰাকী যাজকক নিৰ্যাতন আৰু অপমান কৰাৰ অভিযোগ উঠিছে। পত্নীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত এই ঘটনাৰ পিছতে আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। ঘটনাৰ তদন্ত চলি আছে।

যোৱা ৪ জানুৱাৰীত সংঘটিত হৈছিল এই কাণ্ড। এজাহাৰ অনুসৰি যাজক বিপিন বিহাৰী নায়েকে তেওঁৰ আত্মীয় কৃষ্ণ নায়েকৰ ঘৰত তেওঁ আয়োজন কৰা প্ৰাৰ্থনা সভাত আছিল। তাত তেওঁৰ পত্নী বন্দনা নায়েককে ধৰি কেইবাজনো লোক উপস্থিত আছিল।

পত্নী বন্দনাই অভিযোগ কৰে যে ১৫-২০ জনীয়া এটা দলে বাঁহৰ লাঠি লৈ ঘৰত প্ৰৱেশ কৰে। তেওঁৰ স্বামীক মাৰপিট কৰিবলৈ ধৰে। টানি উলিয়াই আনি শৰীৰৰ বিভিন্ন অংশত আঘাত কৰি চৰ-থাপৰ মাৰে। তেওঁৰ মুখত সেন্দুৰ সানি দিয়াৰ লগতে ডিঙিত জোতাৰ পিন্ধোৱা বুলি অভিযোগ উঠিছে।

অভিযোগত লগতে কোৱা হৈছে যে আক্ৰমণকাৰীৰ ভিতৰত বজৰংগ দলৰ একাংশ সদস্য আৰু স্থানীয় গাঁওবাসীও আছিল। তেওঁলোকে যাজকজন ধৰ্মান্তৰকৰণত জড়িত বুলি দাবী কৰে। ইয়াৰ পিছত প্ৰায় দুঘণ্টামান তেওঁক গাঁৱৰ চাৰিওফালে ঘুৰাই ফুৰাইছিল।

একাংশৰ অভিযোগ অনুসৰি তেওঁক স্থানীয় হনুমান মন্দিৰলৈ লৈ যোৱা হয়, য’ত তেওঁৰ মূৰৰ চুলি খুৰাই দিয়া হয়। তাতে তেওঁক মন্দিৰৰ সন্মুখত আঁঠু লৈ নলা আৰু গৰুৰ গোবৰ মিহলি পানী খাবলৈ বাধ্য কৰাইছিল। মন্দিৰত তেওঁৰ হাত দুখন ৰডত বান্ধি জোৰকৈ ‘জয় শ্ৰী ৰাম’ শ্লোগান দি তেওঁক মাৰপিট কৰা বুলি অভিযোগত উল্লেখ আছে।

এই ঘটনাৰ পিছতে বন্দনা নায়েকে পাৰ্জাং থানাত এজাহাৰ দাখিল কৰে। ধেংকনালৰ আৰক্ষী অধীক্ষক অভিনৱ সোণকাৰে জনোৱা মতে, অভিযোগৰ ভিত্তিত একাংশ লোকক সোধা-পোছা কৰি চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হয়।

পাৰ্জাং গাঁৱত হিন্দু সম্প্ৰদায় সংখ্যাগৰিষ্ঠ, আনহাতে খ্ৰীষ্টান পৰিয়াল অতি কম। কিন্তু ধৰ্মান্তৰকৰণৰ অভিযোগ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে বন্দনা নায়েকে। অভিযোগৰ ভিত্তিত তদন্ত অব্যাহত থকাৰ লগতে দোষীৰ বিৰুদ্ধে প্ৰয়োজনীয় কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।