NORTHEAST NOW (Assamese)
দেশ

উৰিষ্যাত আন এক শোকাৱহ ৰে’ল দুৰ্ঘটনা: মালবাহী ৰে’লৰ খুন্দাত ৬ শ্ৰমিকৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 7, 2023 11:22 pm
Train accident In Odisha

বালাচোৰ ৰে’ল দুৰ্ঘটনাৰ ভয়াৱহতাই দেশবাসীক শোকাহত কৰি ৰখাৰ সময়তে আন এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে উৰিষ্যাত। এইবাৰ এই দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যখনৰ জাজপুৰত। আজি অঞ্চলটোত এখন মালবাহী ৰে’লৰ খুন্দাত ৬ গৰাকী শ্ৰমিক নিহত হোৱাৰ লগতে দুগৰাকী লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

প্রকাশিত খবৰ অনুসৰি, হঠাতে অহা ধুমুহা-বৰষুণৰ পৰা ৰক্ষা পাবলৈ ৰে’লৱেৰ চাইডিঙত কাম কৰি থকা শ্ৰমিকসকলে ৰখাই থোৱা এখন মালবাহী ৰে’লৰ তলত আশ্ৰয় লৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই সময়তে ইঞ্জিন সংলগ্ন নোহোৱা ৰে’লখন গতি কৰিবলৈ আৰম্ভ কৰে।

ৰে’লখনৰ এই আকস্মিক গতিৰ ফলত তলত আশ্ৰয় লৈ থকা শ্ৰমিকসকলৰে ৬ গৰাকীয়ে প্ৰাণ হেৰুৱায় বুলি ৰে’লৱেৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিছে। এই শোকাৱহ দুৰ্ঘটনাত নিহত শ্ৰমিকসকলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মৃত শ্ৰমিকসকলৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৫ লাখ টকাৰ এক্স গ্ৰেচিয়া ঘোষণা কৰে। লগতে এই দুৰ্ঘটনাত আহত দুগৰাকীক উপযুক্ত চিকিৎসা প্ৰদানৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী পাটনায়কে।

উল্লেখ্য যে, ইতিপূৰ্বে বিগত ২ জুনত সন্ধিয়া ৭ বজাত উৰিষ্যাৰে বালাচোৰত তিনিখন ৰে’লৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সংঘটিত হোৱা ভয়াৱহ দুৰ্ঘটনাত ২৮৮ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল। এই ভয়াৱহ দুৰ্ঘটনাটোত সহস্ৰাধিক লোক আহত হোৱা বুলিও নিশ্চিত কৰা হৈছিল।