NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত অনিৰ্দিষ্ট কালৰ বাবে বিদ্যালয়ৰ অষ্টম শ্ৰেণীলৈকে স্থগিত ৰখা হৈছে শ্ৰেণীকোঠাৰ পাঠদান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 25, 2022 11:14 am
WhatsApp Image 2022-01-25 at 10.45.39 AM

অসম চৰকাৰে সোমবাৰে সন্ধিয়া জাৰি কৰা নতুন সংশোধিত এছঅ’পি অনুসৰি ৰাজ্যখনৰ বিদ্যালয়সমূহত অষ্টম শ্ৰেণীলৈকে অফলাইন অৰ্থাৎ শ্ৰেণীকোঠাৰ পাঠদান অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখাৰ সিদ্ধান্ত ঘোষণা কৰিছে।

ৰাজ্যখনত কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিততে এনে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ইয়াৰ পূৰ্বে গুৱাহাটী মহানগৰীক বাদ দি ৰাজ্যখনত পঞ্চম শ্ৰেণীলৈকে শ্ৰেণীকোঠাৰ পাঠদান বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছিল। সেইদৰে গুৱাহাটীত অষ্টম শ্ৰেণীলৈকে শ্ৰেণীকোঠাৰ পাঠদান বন্ধ ৰাখিবলৈ কোৱা হৈছিল।

লগতে পঢ়ক: উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত অটুট থাকিল ২০১৭চনত বিদেশী ঘোষিত মহিলাৰ নাগৰিকত্ব

নতুন সংশোধতি এছঅ’পিত কোৱা হৈছে,’’ৰাজ্যখনৰ সকলো জিলাতে সকলো বিদ্যালয়তে অষ্টম শ্ৰেণীলৈকে শ্ৰেণীকোঠাৰ পাঠদান স্থগিত ৰাখিব লাগিব আৰু সকলো শিক্ষানুষ্ঠানে পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে অনলাইন পাঠদানৰ বিকল্প গ্ৰহণ কৰিব। নিয়মিতভাৱে পৰিস্থিতিৰ পুনৰীক্ষণ কৰা হ’ব আৰু শিক্ষা বিভাগৰ দ্বাৰা প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰা হ’ব।‘’  

নিৰ্দেশটোত লগতে কোৱা হৈছে যে শিক্ষানুষ্ঠানসমূহে গুণগত অনলাইন শিক্ষাৰ বিকল্প গ্ৰহণ কৰা উচিত।

অৱশ্যে অষ্টম শ্ৰেণীৰ ওপৰৰ শিক্ষাৰ্থীৰ বাবে শ্ৰেণীকোঠাৰ পাঠদান ব্যৱস্থা অপৰিবৰ্তিত হৈ থাকিব।

লগতে পঢ়ক: মৃতদেহ সলনি; অসম মেডিকেল কলেজ হাস্পাতালত মৃতকৰ আত্মীয়ক দিলে আন মৃতদেহ

নৱম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈকে শ্ৰেণীসমূহ ৰটেশ্যন পদ্ধতিত (সপ্তাহত তিনিদিনকৈ) চলিব আৰু দ্বাদশ শ্ৰেণীৰ পৰা স্নাতক তথা স্নাতকোত্তৰৰ লগতে আভিযান্ত্ৰিক, চিকিৎসা মহাবিদ্যালয় আৰু আন কাৰিকৰী প্ৰতিষ্ঠানৰ শ্ৰেণীসমূহ স্বাভাৱিকভাৱে চলি থাকিব। অৱশ্যে শ্ৰেণীত উপস্থিত সকলোৱে ভেকচিনৰ দুটা ড’জ লোৱাটো বাধ্যতামূলক।