NORTHEAST NOW (Assamese)
Popular Stories

শীঘ্ৰে মোবাইল ইণ্টাৰনেট নিদিলে ৰাজপথলৈ আহিব ১২০০০ অ’লা-উবেৰৰ ড্ৰাইভাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 17, 2019 10:04 am
Uber-Ola

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত চলি থকা তীব্ৰ প্ৰতিবাদৰ বাবে প্ৰশাসনে মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি থৈ দিয়াক লৈ এতিয়া বিপদত পৰিছে গুৱাহাটীৰ ১২০০০ অ’লা-উবেৰৰ কেব ড্ৰাইভাৰ।

প্ৰায় এসপ্তাহ ধৰি মোবাইল ইণ্টাৰনেট বন্ধ হৈ থকাৰ বাবে এই কেব ড্ৰাইভাৰসকলৰ পৰিয়ালৰ মাজত এক আৰ্থিক অচলাৱস্থাৰ সৃষ্টি হৈছে।

যদিহে মহানগৰীত শীঘ্ৰে ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ নহয় তেন্তে সকলো অ’লা-উবেৰৰ ড্ৰাইভাৰ ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিয়ে অল আছাম কেব অপাৰেটৰ্ছ য়ুনিয়নৰ সভাপতি ইছমাইল আলীয়ে।

এই সংক্ৰান্তত তেওঁ কয়, ‘আমাৰ উপাৰ্জনৰ একমাত্ৰ উৎস হৈছে ইণ্টাৰনেট। কিন্তু ইণ্টাৰনেট সেৱা বন্ধ কৰি থৈ দিয়াৰ বাবে আমাৰ ড্ৰাইভাৰসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে। আমি কেনেদৰে আমাৰ পৰিয়ালৰ বাবে খাদ্যৰ যোগান ধৰিম?’।

এজন টেক্সি ড্ৰাইভাৰে যদি এদিনত ১৫ ঘণ্টা গাড়ী চলাই তেন্তে তেওঁ ১০০০ৰ পৰা ১৫০০ টকা উপাৰ্জন কৰে। কিন্তু অধিকাংশ ড্ৰাইভাৰৰে মাহত ১০০০০ টকা EMI হিচাপে খৰচ হয়। সেয়ে তেনেবোৰ ড্ৰাইভাৰৰ বাবে চলাটো টান হৈ পৰা বুলিও আলীয়ে মন্তব্য কৰে।

আনহাতে সংগঠনটোৱে কিন্তু নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি চলা এই প্ৰতিবাদক সম্পূৰ্ণৰূপে সমৰ্থন আগবঢ়াইছে।

গুৱাহাটী মহানগৰীত অ’লা-উবেৰ সেৱা বন্ধ হৈ থকা তথা পৰিস্থিতিৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে প্ৰাইভেট টেক্সি ড্ৰাইভাৰসকলে। তেওঁলোকে ভাড়াৰ নামত গ্ৰাহকৰ পৰা মোটা পৰিমানৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে।

মাত্ৰ ২ ৰ পৰা ৩ কিলোমিটাৰ পথৰ বাবেই একোখন অট’ৰিক্সা বা অন্য কোনো গাড়ীয়ে গ্ৰাহকৰ পৰা লৈছে ৫০০ টকা।