NORTHEAST NOW (Assamese)
Popular Stories

অ’লাৰ ফাণ্ডলৈ ১ বছৰৰ দৰমহা আগঢ়াইছে প্ৰতিষ্ঠানটোৰ চি ই অ’ ভাৱিশ আগৰৱালাই

Posted by: এন ই নাও নিউজ March 28, 2020 2:30 pm
3e990494d7dabe32b4cd91ef645fbdc7

দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঘোষণা কৰা ২১ দিনীয়া ল’কডাউন অব্যাহত আছে।

এই ল’কডাউনৰ ফলত দেশৰ অন্যান্য অসংগঠিত শ্ৰমিক আৰু দৈনিক আয়ৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰাৰ লোকসকলৰ লগতে অ’লাৰ জৰিয়তে জীৱন নিৰ্বাহ কৰা লোকসকলৰ জীৱনলৈও আহিছে আৰ্থিক সংকট।

তেনে সময়তে প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ কৰ্মচাৰীসকলক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে গঠন কৰিছে অ’লা দ্য ড্ৰাইভাৰ ফাণ্ড

এই ফাণ্ডৰ যোগেদি প্ৰতিষ্ঠানটোৱে অ’লা গ্ৰুপৰ পৰা ২০ কোটি টকা সংগ্ৰহ কৰি প্ৰতিষ্ঠানটোত কৰ্মতৰত বিভিন্ন শ্ৰেণীৰ কৰ্মচাৰীক আৰ্থিক সাহায্য প্ৰদান কৰিব।

অ’লা কেবৰ ড্ৰাইভাৰ, অ’লা অ’টো ড্ৰাইভাৰ, অ’লা বাইক ৰাইডাৰ আদিকে কৰি সকলো কৰ্মচাৰীকে দেশত ল’কডাউন অব্যাহত থকাৰ সময়ছোৱাত অ’লাই উক্ত ফাণ্ডৰ জৰিয়তে আৰ্থিক সাহায্য প্ৰদানৰ কথা প্ৰতিষ্ঠানটোৱে ঘোষণা কৰিছে।

অ’লাৰ এই অ’লা দ্য ড্ৰাইভাৰ ফাণ্ডলৈ প্ৰতিষ্ঠানটোৰ চি ই অ’ ভাৱিশ আগৰৱালাই তেওঁ এবছৰৰ দৰমহা আগবঢ়াইছে।

উল্লেখ্য যে প্ৰতিষ্ঠানটোৰ বিশ্বজুৰি ২০ লাখৰো অধিক ড্ৰাইভাৰ-পাৰ্টনাৰ আছে আৰু বিশ্বজুৰি ফাণ্ডলৈ ৫০ কোটি টকা সংগ্ৰহ কৰাৰ লক্ষ্য বান্ধি লৈছে প্ৰতিষ্ঠানটোৱে।

‘এই সংকটৰ সময়ত হাজাৰ হাজাৰ ড্ৰাইভাৰৰ উপাৰ্জন বন্ধ হৈ পৰিছে। অ’লা গ্ৰুপৰ সকলোৱে মিলি এই ফাণ্ডৰ জৰিয়তে তেওঁলোকক শীঘ্ৰে আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।’ অ’লাৰ মুখপাত্ৰ তথা জনসংযোগকাৰী প্ৰধান আনন্দ সুব্ৰমণিয়ামে এইদৰে কয়।

প্ৰতিষ্ঠানটোৱে এই ফাণ্ডৰ জৰিয়তে ইয়াৰ ড্ৰাইভাৰৰ পৰিয়ালৰ সদস্যসকলৰ বিনামূলীয়া চিকিৎসা, সন্তানৰ শিক্ষা আদিৰ ওপৰতো সহায় আগবঢ়াব বুলি প্ৰকাশ কৰিছে।

উল্লেখ্য যে যোৱা সপ্তাহত প্ৰতিষ্ঠানটোৱে ইয়াৰ ড্ৰাইভাৰসকলক ক’ৰ’না ভাইৰাছৰ বীমা ক’ভাৰ কৰাৰ কথাও ঘোষণা কৰিছিল।