NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ বেলতলাত নৃশংস হত্যাকাণ্ড; শোৱাপাটীতেই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা বৃদ্ধ দম্পতিক!

Posted by: কল্পজ্যোতি শইকীয়া / জাহ্নবী বৰুৱা, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া / জাহ্নবী বৰুৱা, গুৱাহাটী October 26, 2021 1:04 pm
old couple murdered in Guwahati

Sensational Murder in Guwahati মহানগৰীৰ ছাৰ্ভেৰ চন্দন নগৰ এলেকাৰ বৃদ্ধ দম্পতি ননী গোপাল বৰুৱা আৰু মীনা বৰুৱাৰ মৃতদেহ পুৱা ঘৰত তেজৰ ডোঙাত উদ্ধাৰ কৰা হৈছে। খিৰিকীৰ গ্ৰীল কাটি হত্যাকাৰী ঘৰত প্ৰৱেশ কৰাৰ সন্দেহ কৰা হৈছে।

অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত নিহত হৈছে ননী বৰুৱা (৮৬) আৰু তেওঁৰ পত্নী মীনা বৰুৱা (৮০)। তেওঁলোকৰ সন্তান বৰ্তমান বেংগালুৰুত কৰ্মৰত বুলি জানিব পৰা গৈছে।

দুৰ্বৃত্তই এখন ভঙা খিৰিকীৰে ঘৰত প্ৰৱেশ কৰি ঘৰৰ বহুমূলীয়া বস্তু লৈ যোৱাৰ লগতে ঘৰৰ দুৱাৰসমূহো ভঙা অৱস্থাত পোৱা গৈছে।

পুৱা কেয়াৰটেকাৰ জনে ব্ৰেকফাষ্ট দিবলৈ যাওঁতে খিৰিকীৰ গ্ৰীল কটা অৱস্থাত প্ৰত্যক্ষ কৰে।

চোকা অস্ত্ৰৰে মূৰত আঘাত কৰি বৃদ্ধ দম্পতিক হত্যা কৰাৰ সন্দেহ কৰা হৈছে।

 

WhatsApp Image 2021-10-26 at 12.23.26 PM
ফটো: নৰ্থইষ্ট নাও।

শোৱাপাটীতে কোনে এনেকৈ অকলশৰীয়া এই বৃদ্ধ দম্পতিক হত্যা কৰিলে তাক লৈ এতিয়া  চাঞ্চল্যৰ সৃষ্টি হৈছে।

মহানগৰীৰ মাজমজিয়াতে সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ডই এতিয়া সকলোৰে মনত নিৰাপত্তাক লৈ প্ৰশ্নৰ উদ্ৰেক কৰিছে।

WhatsApp Image 2021-10-26 at 12.20.02 PM
পৰিয়ালৰ ফাইল ফটো।

 

ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে উপস্থিত হৈছে ফৰেনছিকৰ দল আৰু স্নেফাৰ ডগ।

ফৰেনছিক টীম আৰু ফিংগাৰ প্ৰিন্ট টীমে ক্ষীপ্ৰগতিৰে তদন্ত চলাই আছে যদিও তদন্তৰ খাতিৰত হত্যাকাণ্ডৰ ক্লু সংবাদমাধ্যমক জনোৱা নাই।