১৩ জুলাইৰ পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং; গুৱাহাটীত যান-বাহন চলাচলত নতুন পথ নিৰ্দেশনা

অহা সোমবাৰৰ (১৩ জুলাই) পৰা আৰম্ভ হ’বলগীয়া ব্ৰহ্মপুত্ৰৰ পুৰণি শৰাইঘাট দলংখনৰ মেৰামতি আৰু ইয়াক সুচল কৰি তোলাৰ পূৰ্বে গুৱাহাটী যান-বাহন আৰক্ষীয়ে বৃহৎ যান-বাহনৰ পথ সালসলনি আৰু বাধা-নিষেধৰ কথা ঘোষণা কৰিছে।
নিৰ্দেশনা অনুসৰি, নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱে (এন এফ আৰ)য়ে দুমাহৰ বাবে মেৰামতিৰ কাম হাতত লোৱাত ১৩ জুলাইৰ পুৱা ৫ বজাৰ পৰা পুৰণি দলংখন সকলো যান-বাহনৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকিব। এই সময়ছোৱাত সকলো যান-বাহনে যাতায়তৰ বাবে নতুন শৰাইঘাট দলং ব্যৱহাৰ কৰিব, য’ত দুয়োপিনৰ পৰা যান-বাহন চলাচলৰ অনুমতি দিয়া হ’ব।
নামনি অসম আৰু উজনি অসমৰ মাজত যাত্ৰীবাহী বাছৰ বাহিৰে গধুৰ মটৰ গাড়ী (HMV) সমূহৰ পথ বাইহাটা চাৰিআলি–কলিয়াবৰ তিনিআলি হৈ সলনি কৰা হ’ব। তদুপৰি পুৱা ৬ বজাৰ পৰা নিশা ১০ বজাৰ ভিতৰত নতুন শৰাইঘাট দলঙৰ ওপৰেৰে গুৱাহাটীত বাণিজ্যিক সামগ্ৰীৰ যান-বাহন প্ৰৱেশ বা প্ৰস্থান কৰিব নোৱাৰিব।
নামনি অসমৰ পৰা গুৱাহাটী হৈ উজনি অসম অভিমুখে যোৱা লঘু যান-বাহন (এল এম ভি)সমূহেও পুৰণি দলঙৰ পৰিৱৰ্তে নতুন শৰাইঘাট দলং ব্যৱহাৰ কৰিব। গুৱাহাটীৰ পৰা উত্তৰ পাৰ আৰু নামনি অসম অভিমুখে যোৱা যান-বাহনসমূহে সচৰাচৰৰ দৰে নতুন দলংখন ব্যৱহাৰ কৰি যাব।
নামনি অসমৰ পৰা উজনি অসমলৈ যাতায়ত কৰা লোকসকলক কুমাৰ ভাস্কৰ বৰ্মা সেতুক বিকল্প পথ হিচাপে ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰিবলৈ পৰামৰ্শ দি যান-বাহন আৰক্ষীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ যাতায়ত কৰা লোকসকলক যানজঁটৰ কথা মনত ৰাখি কিছু আগতীয়াকৈ যাত্ৰা আৰম্ভ কৰিবলৈ আহ্বান জনাইছে।
মেৰামতিৰ সময়ছোৱাত জালুকবাৰী আৰু শৰাইঘাট দলঙৰ মাজত থকা পথৰ দুয়োকাষে গাড়ী ৰখোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে কৰ্তৃপক্ষই। ৰাজহুৱা বাছ, এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু অন্যান্য জৰুৰীকালীন বাহনৰ লগতে অন্যান্য লঘু যান-বাহনসমূহে নতুন শৰাইঘাট দলংখন ব্যৱহাৰ কৰি যাতায়ত কৰিব।
সংশোধিত এই যান-বাহনৰ পথ নিৰ্দেশনা অহা ৩১ জুলাইলৈকে বলবৎ থাকিব, তাৰ পিছত পৰিস্থিতি পুনৰীক্ষণ কৰি পৰৱৰ্তী নিৰ্দেশনা জাৰি কৰা হ’ব।
যাতায়তকাৰীসকলক লেন অনুশাসন মানি চলিবলৈ অনুৰোধ কৰা হৈছে। যিমানদূৰ সম্ভৱ ক্ষতিগ্ৰস্ত অংশৰ মাজেৰে অপ্ৰয়োজনীয় যাত্ৰা এৰাই চলিবলৈ আৰু যান-বাহন কৰ্মীসকলৰ সৈতে সহযোগিতা কৰি মসৃণ গতিবিধি নিশ্চিত কৰিবলৈ অনুৰোধ জনোৱা হৈছে।