NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাক অৱহেলা কৰাটো আত্মহত্যা কৰাৰ নিচিনা : ওমৰ আব্দুল্লা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 9, 2020 9:38 pm

জম্মু আৰু কাশ্মীৰ নেশ্যনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাই ক’ৰ’না ভাইৰাছক সাধাৰণভাৱে গ্ৰহণ কৰাটো আত্মহত্যা কৰাৰ লেখীয়া বুলি মন্তব্য কৰে।

ওমৰ আব্দুল্লাই তেওঁৰ যুৱ সতীৰ্থ ৰোহিত কিৰনি ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰাৰ পাছতে ক’ৰ’না সন্দৰ্ভত এনেদৰে মন্তব্য কৰে।

”ৰোহিত কিৰনিক চিকিৎসালয়ৰ ভেণ্টিলেটৰত ৰখা হৈছিল যদিও চিকিৎসকে অশেষ কষ্টৰ পাছতে তেওঁৰ জীৱন বচাব নোৱাৰিলে,” টুইটাৰত শোক প্ৰকাশ কৰি আব্দুল্লাই লিখে।

”ক’ৰ’না ভাইৰাছে মানুহৰ জীৱন লয় আৰু ক’ৰ’না ভাইৰাছক সাধাৰণভাৱে গ্ৰহণ কৰাটো আত্মহত্যা কৰাৰ নিচিনা,” আব্দুল্লাই লগতে লিখে।

ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু বৰণ কৰা কিৰনি জম্মু জিলাৰ নেশ্যনেল কনফাৰেন্সৰ জিলা সভাপতি আছিল।

উল্লেখযোগ্য যে, আজি বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ গৰাকীয়েও ক’ৰ’না ভাইৰাছৰ বৰ্দ্ধিত সংক্ৰমণ সন্দৰ্ভত চিন্তা ব্যক্ত কৰি ক’ৰ’নাৰ গতি এতিয়াও স্তমিত হোৱা নাই বিশ্বৰ বহুকেইখন দেশত ইয়াৰ অৱস্থা অধিক ভয়াবহ হৈ গৈ আছে বুলি উল্লেখ কৰে।