NORTHEAST NOW (Assamese)
অসম

দেশত অমিক্ৰনত আক্ৰান্ত হ’ল কিমান লোক? কোন কেইখন ৰাজ্যলৈ কেন্দ্ৰই পঠিয়াব বিশেষ দল?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী December 25, 2021 8:20 pm
india-covid-1

কোভিডৰ দক্ষিণ আফ্ৰিকাৰ প্ৰজাতি অমিক্ৰনে এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে ভাৰতত।

ভাৰতত আজি অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা ৪১৫ গৰাকী হোৱাৰ লগে লগে চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ।

অমিক্ৰনত সৰ্বাধিক সংখ্যক লোক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ১০৮ গৰাকী। দিল্লীত ৭৯ গৰাকী, গুজৰাটত ৪৩ গৰাকী আৰু তেলেংগানাত ৩৮ গৰাকী , ৩৭, তামিলনাডুত ৩৪ গৰাকী লোক অমিক্ৰনত আক্ৰান্ত হৈছে।

অসম, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, হাৰিয়ানা আদি ৰাজ্যই ভাইৰাছ বিধৰ সংক্ৰমণ ৰোধ কৰিবলৈ নৈশ সান্ধ্য আইন ঘোষণা কৰিছে।

দিল্লী, কৰ্ণাটক, ওড়িশা আদি ৰাজ্যত বৰদিন আৰু নৱবৰ্ষৰ অনুষ্ঠানত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ইপিনে অমিক্ৰনত আক্ৰান্ত ৫০ শতাংশ লোকেই কোভিডৰ দুয়োটা ভেকচিনেই গ্ৰহণ কৰা লোক বুলি সমীক্ষাত প্ৰকাশ পাইছে।

ইপিনে কোভিডৰ দ্ৰুত সংক্ৰমণ ঘটা দহ খন ৰাজ্য ক্ৰমে কেৰালা, মহাৰাষ্ট্ৰ,তামিলনাডু, পশ্চিম বংগ,মিজোৰাম,কৰ্ণাটক,বিহাৰ, উত্তৰ প্ৰদেশ, ঝাৰ খণ্ড আৰু পঞ্জাৱলৈ কেন্দ্ৰই বিশেষ দল প্ৰেৰণ কৰিব।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ৩৮৭ জন লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৭৯ হাজাৰ ৫২০জন।

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৭হাজাৰ ২৮৬ জন লোক। সুস্থতাৰ হাৰ ৯৮.৪০ শতাংশ।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৪২ লাখ ২৩ হাজাৰ ২৬৩জন।

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৭৭ হাজাৰ ৩২জন।

বৰ্তমানলৈ দেশত প্ৰায় ১৪১কোটিতকৈয়ো অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৬৬লাখতকৈয়ো অধিক লোকক ভেকচিন প্ৰদান কৰা হৈছে।

সেইদৰে, যোৱা ২৪ ঘন্টাত ১১ লাখ ১২হাজাৰ ১৯৫জন লোকৰ কোভিড নমুনা পৰীক্ষা কৰা হৈছে।