NORTHEAST NOW (Assamese)

অ’মিক্ৰণ আতংক: ভাৰতত প্ৰৱেশকাৰীৰ বাবে নতুন নিয়ম প্ৰৱৰ্তন

November 29, 2021 8:03 pm · এন ই নাও নিউজ, গুৱাহাটী

কৰ’ণা ভাইৰাছৰ নতুন ‘অ’মিক্ৰণ’ সংক্ৰমিত দেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা ব্যক্তি সকলে কিছুমান প্ৰৱেশ নিয়ম অনুসৰণ কৰিব লাগিব। ভাৰতে ক’ভিদ-19 মহামাৰীৰ নতুন প্ৰজাতিৰ সংক্ৰমণ ৰোধৰ বাবে এই কথা ঘোষণা কৰিছে।

ভাৰতলৈ অহা প্ৰতিজন আন্তঃৰাষ্ট্ৰীয় যাত্ৰীয়ে এখন স্ব-ঘোষণা প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব আৰু ক’ভিদ নিগেটিভ পৰীক্ষা প্ৰতিবেদন প্ৰদৰ্শন কৰিব লাগিব।

যদি এই দুটা চৰ্তৰ যিকোনো এটা পূৰণ নহয় তেন্তে তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে।

দক্ষিণ আফ্ৰিকাৰ দৰে বিপদসংকূল ৰাষ্ট্ৰৰ পৰা অহা সকলে ভাৰতত উপস্থিত হোৱাৰ পিছত ক’ভিদ পৰীক্ষাৰ বাবে নমুনা দিব লাগিব। পৰীক্ষাত পজিটিভ ৰিপ’ৰ্ট পোৱা যিকোনো লোকক কোৱাৰাণ্টাইন কৰা হ’ব আৰু নমুনাটো জিনোম অনুক্ৰমৰ বাবে প্ৰেৰণ কৰা হ’ব।

যদি ব্যক্তিজন ‘অ’মিক্ৰণ’ স্ট্ৰেইনৰ দ্বাৰা সংক্ৰমিত হয়, কঠোৰ পৃথকীকৰণ নিয়ম প্ৰযোজ্য হ’ব।

আনহাতে পৰীক্ষাত নিগেটিভ ৰিপ’ৰ্ট প্ৰাপ্ত যাত্ৰীসকলে সাত দিনৰ বাবে হোম আইচ’লেশ্যনত থাকিব লাগিব। প্ৰৱেশৰ অষ্টম দিনত তেওঁলোকৰ পুনৰ পৰীক্ষা কৰা হ’ব।

বিপদসংকূল হিচাপে চিনাক্ত নোহোৱা দেশৰ পৰা অহা আৰু ক’ভিদ নিগেটিভ ব্যক্তি সকলে কমেও দুসপ্তাহৰ বাবে স্ব-নিৰীক্ষণত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।

Related News