NORTHEAST NOW (Assamese)
অসম

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শুভেচ্ছা জ্ঞাপন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 16, 2020 10:06 am
a National-Press-Day

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ১৯৬৬ চনৰ আজিৰ দিনটোতে দেশৰ সংবাদমাধ্যমৰ স্বচ্ছতা,নিৰপেক্ষতা আৰু সুৰক্ষাৰ লক্ষ্যৰে গঠন কৰা হৈছিল প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া।প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ প্ৰতিষ্ঠাৰ দিনটো প্ৰতি বছৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাবে উদযাপন কৰি অহা হৈছে।

আজিৰ দিনটোতে  প্ৰতি বছৰে দেশৰ সাংবাদিকসকলে কৰ্তব্য সম্পাদন কৰিবলৈ যাওঁতে মুখামুখী হোৱা বিভিন্ন প্ৰত্যাহ্বান সমূহ সন্দৰ্ভত বিস্তৃত ভাবে আলোচনা কৰা হৈ আহিছে যদিও কোভিড পৰিস্থিতিৰ বাবে এইবাৰ বিভিন্ন ঠাইত অনুষ্টুপীয়াকৈহে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনৰ বাতৰি আহিছে।

সংবিধানৰ ১৯(১)(ক) অনুচ্ছেদত উল্লেখ কৰা বাক স্বাধীনতাক সাংবাদিকসকলে যাতে সঠিক ৰূপত প্ৰকাশ কৰিব পাৰে সেই বিষয় আজিৰ দিনটোতে বিশেষ ভাবে আলোকপাত কৰি অহা হৈছে।বিশ্বৰ অন্যান্য দেশৰ লগতে ভাৰতবৰ্ষতো সাংবাদিকসকল সুৰক্ষিত নহয়।

অসমতো সাংবাদিকৰ সুৰক্ষাৰ ক্ষেত্ৰত একে ছবিয়েই দেখিবলৈ পোৱা গৈছে।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত সেয়ে প্ৰতি বছৰেই সাংবাদিকৰ সুৰক্ষাৰ বিষয়টোৱে অগ্ৰাধিকাৰ লাভ কৰি অহা দেখা গৈছে।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটাৰযোগে সাংবাদিকসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কোভিড অতিমাৰীৰ মাজতো সাংবাদিকসকলে নিষ্ঠাৰে কৰ্তব্য সমাপন কৰি যোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।