NORTHEAST NOW (Assamese)
Popular Stories

শিশু আৰু যুৱ প্ৰজন্মৰ ধঁপাত সেৱন নিৱাৰণৰ বাবে ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান VHAI ৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 30, 2020 3:17 pm
index.jpg222

বিশ্ব ধঁপাত বিৰোধী দিৱস(WNTD) ২০২০ উপলক্ষে ভলেণ্টেৰী হেলথ এছোচিয়েছন অৱ ইণ্ডিয়াই সকলো শিশু আৰু যুৱ প্ৰজন্মৰ ধঁপাত সেৱন নিৱাৰণৰ বাবে চৰকাৰ আৰু অন্যান্য অংশীদাৰ সমূহক আহ্বান জনাইছে।

বিশ্ব ধঁপাত বিৰোধী দিৱস (WNTD) ৰ এই বৰ্ষৰ বিষয়ৰ ওপৰত লক্ষ্য ৰাখি ভলেণ্টাৰী হেলথ এছোচিয়েছন অৱ ইণ্ডিয়াই ধঁপাত সেৱনৰ ভয়াৱহতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত সজাগতা আৰু স্বাক্ষৰ অভিযান চলাই।

‘গ্লোবেল এডাল্ট তবেক’ চাৰ্ভে (GATS)’ ৰ ৰিপোৰ্ট অনুযায়ী ভাৰতবৰ্ষত ২০০৯ ৰ পৰা ২০১৭ ৰ ভিতৰত ৩৪.৬% ৰ পৰা ২৮.৬% লৈ ধঁপাতৰ ব্যৱহাৰ হ্ৰাস পাইছে, কিন্তু তাৰ বিপৰীতে অসমত ৩৯.৩% ৰ পৰা ৪৮.২% লৈ ধঁপাতৰ ব্যৱহাৰ বৃদ্ধি পাইছে।

শিশু আৰু যুৱ প্ৰজন্মক ধঁপাত সেৱনৰ পৰা ৰক্ষা কৰিবলৈ ভলেণ্টাৰী হেলথ্ এছোচিয়েছন অৱ ইণ্ডিয়াই ৰাজ্য চৰকাৰক ‘চিগাৰেট আৰু অন্য ধঁপাত জাতীয় সামগ্ৰি উৎপাদন আইন (COTPA), ২০০৩’ ৰাজ্যত প্ৰযোজ্য কৰিবলৈ অনুৰোধ জনায়।

এই বৰ্ষৰ বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ বিষয়, WNTDৰ উদ্দেশ্য হ’ল যুৱ প্ৰজন্মক ধঁপাত উদ্যোগৰ ৰণনীতিৰ বিৰুদ্ধে সজাগ কৰা।

WHO ৰ মতে প্ৰত্যেক বছৰে ধঁপাত উদ্যোগ বোৰে ধঁপাত সামগ্ৰীৰ বিজ্ঞাপনৰ কাৰণে ৯ বিলিয়ন আমেৰিকান ড’লাৰ প্ৰৰ্যন্ত খৰছ কৰে। ক্ৰমবৰ্ধমান ধঁপাত সেৱনে প্ৰতি বছৰে ৮০ লাখ লোকৰ মৃত্যু ঘটায়, লগতে ধঁপাত সামগ্ৰী বিক্ৰীৰ বাবে মূলত যুৱ প্ৰজন্মক লক্ষ্য কৰে।

ভলেণ্টাৰী হেলথ এছোচিয়েছন অৱ ইণ্ডিয়া এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেচৰকাৰী স্ংস্থা।

জনস্বাস্থ্যৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশত এই সংস্থাটোৱে কাম কৰি আছে।

যেনে- অসংক্ৰমিত ৰোগ (NCD), ভেক্টৰ বৌণ্ড, খাদ্য আৰু পুষ্টিৰ সুৰক্ষা, টিকাকৰণ, আৰু বৰ্তমান সমগ্ৰ দেশৰ লগতে অসমতো মহামাৰীৰ ৰূপ লোৱা কোভিড-১৯ ইত্যাদি।

ধঁপাত সেৱনে অসংক্ৰমিত ৰোগ (NCD)ৰ কাৰক হোৱাৰ উপৰিও কোভিড-১৯ ৰ দৰে মহামাৰীৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO)মতে ধঁপাত সেৱন কৰা বেছিভাগ মানুহে বৰ্তমান মহামাৰী ৰূপ লোৱা কোভিড-১৯ ক প্ৰতিৰোধ কৰাত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে।