NORTHEAST NOW (Assamese)
Popular Stories

নিষ্ঠুৰ সময়! আছিল আম্বানীতকৈও ধনী; আজি তেওঁৰ থাকিবলৈ ঘৰ নাই! তেওঁ কোন জানেনে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 27, 2023 3:32 pm

সিংহানিয়া পৰিয়ালত সৃষ্টি হোৱা ধুমুহা শাম কটাৰ কোনো লক্ষণ সদ্যহতে দেখা যোৱা নাই। শেহতীয়া তথ্য অনুসৰি ৰেমণ্ডৰ মুৰব্বীৰ বিচ্ছিন্ন পত্নী নৱাজ মোদীয়ে বিবাহ বিচ্ছেদৰ বাবে গৌতম সিংহানিয়াৰ পৰা তেওঁৰ সম্পত্তিৰ ৭৫ শতাংশ দাবী জনাইছে। যাৰ বিষয়ে এই মুহূৰ্তত তুমুল চৰ্চা চলি আছে।

এনে পৰিপ্ৰেক্ষিতত গৌতম সিংহনিয়াৰ পিতৃ বিজয়পত সিংহনিয়াই তেওঁৰ বক্তৱ্যৰ জৰিয়তে সকলোকে আচৰিত কৰি তুলিছে। তেওঁৰ বক্তব্যৰ পৰা স্পষ্ট যে তেওঁ পুত্ৰ গৌতমৰ সলনি বোৱাৰী নৱাজকহে সমৰ্থন কৰিছে!

৮৫ বছৰীয়া বিজয়পত সিংহানিয়াই এই বিবাহ বিচ্ছেদ সন্দৰ্ভত এক সাক্ষাৎকাৰত নিজৰ মতামত প্ৰকাশ কৰে। তেওঁ কয়, “মই জনাত হিন্দু বিবাহ আইনৰ অধীনত বিবাহ বিচ্ছেদত স্বামীৰ সম্পত্তিৰ ৫০ শতাংশ স্বয়ংক্ৰিয়ভাৱে পত্নীয়ে পায়। ইয়াত এজন সাধাৰণ অধিবক্তাইও নৱাজক সহায় কৰিব পাৰে। গতিকে তেওঁ (নৱাজে) কিয় ৭৫ শতাংশ পাবলৈ চেষ্টা কৰিছে?”

লগতে পঢ়কঃবিবাহিত জীৱনত ইজনে সিজনক সুখী আৰু সন্তুষ্ট কৰাৰ উপায় কি? চাওক চাণক্য নীতি

তেওঁ লগতে কয়, “গৌতমে কেতিয়াও তেওঁক সেই  সম্পত্তি নিদিয়ে। কাৰণ তাৰ (গৌতম) মূল লক্ষ্যই হৈছে সকলোকে কিনি লোৱা, সকলো কিনি লোৱা। মোৰ সৈতেও তেওঁ এনেকোৱা ঘটনাই ঘটাইছিল।গৌতমৰ সৈতে যুঁজ দিয়াৰ বাবে মোৰ হাতত অৱশিষ্ট টকাও নাছিল। তেওঁ সকলোবোৰ কিনি লৈছিল। এইবাৰো তেনেকৈ কিনি নিব। এনেকৈ যুঁজি নৱাজে বেছি টকা পাব বুলি মই নাভাবো।”

উল্লেখ্য যে গৌতম সিংহনিয়াৰ পিতৃ বিজয়পত সিংহানিয়াই ১৯৪৪ চনত পিতৃৰ সৈতে ৰেমণ্ড গ্ৰুপ প্ৰতিষ্ঠা কৰিছিল। পিছলৈ তেওঁ ৰেমণ্ড সাম্ৰাজ্য পৰিচালনা কৰিছিল। সেই সময়ত তেওঁ দেশৰ অন্যতম ধনী ব্যক্তি আছিল। কিন্তু সেই দিনবোৰ শেষ হ’ল, এতিয়া তেওঁ ভাড়াঘৰত থাকে।

বিজয়পত সিংহানিয়াৰ পুত্ৰ-বোৱাৰী গৌতম আৰু নৱাজ।

এসময়ত তেওঁ মুকেশ আম্বানীতকৈও ধনী আছিল। কাৰণ সেই সময়ত মুকেশ আম্বানী সৰু আছিল। আনহাতে, বিজয়পত সিংহানিয়া তেতিয়া ৰেমণ্ড গ্ৰুপৰ মুৰব্বী আছিল। কিন্তু তেওঁৰ সুখ চিৰদিন নাথাকিল। নিজৰ পুতেকে ঘৰৰ পৰা বাহিৰ কৰি দিলে। এতিয়া পৰিস্থিতি এনেকুৱা যে বিজয়পত সিংহানিয়াই সংসাৰ  চলাবলৈ ভালদৰে জীৱন যাপন কৰিবলৈ সংগ্ৰাম কৰিব লগা হৈছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি বিজয়পত সিংহানিয়াই কোম্পানীটোৰ সকলো শ্বেয়াৰ পুত্ৰ গৌতমক দিয়াৰ পৰাই বিপদ আৰম্ভ হয়। তেওঁলোকৰ দুয়োৰে সম্পৰ্কৰ অৱনতি ঘটিবলৈ ধৰিলে। পিছলৈ সমস্যাটো ডাঙৰ হৈ পৰাত এসময়ত গৌতম সিংহনিয়াই তেওঁক ঘৰৰ পৰা বাহিৰ কৰি দিয়ে।