NORTHEAST NOW (Assamese)
অসম

দুধনৈত গাত জুই লগাই ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা ১৬ বছৰীয়া কিশোৰৰ

Posted by: নীলমণি শৰ্মা November 13, 2018 10:38 pm
গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত উপৰ কৰকশী গাঁৱত ১৬ বছৰীয়া এজন কিশোৰে প্ৰথমে গাত জুই লগাই পিছত এখন দ্ৰুত বেগী ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
মৃত কিশোৰজনৰ নাম হৰিদেৱ নাথ বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য মতে কালি সোমবাৰে নিশা হৰিদেৱ প্ৰথম অৱস্থাত নিজৰ গাত অগ্নি সংযোগ কৰি পিছত দুধনৈৰ পাহিদলৰ ৰে’ল পথত এখন দ্ৰুত বেগী ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা কৰে।
আনহাতে ১৬ বছৰীয়া  কিশোৰজনে আত্মহত্যা কৰাৰ পূৰ্বে মাকলৈ বুলি ‘মা মই যাবলৈ ওলালো তই দুখ নকৰিবি’ বুলি ফেচবুকত এক বাৰ্তা প্ৰেৰণ কৰিছিল।
তাৰোপৰি আত্মহত্যা কৰা ঘটনাস্থলীৰ পৰাই এটা ভিডিঅ’, দুখন ফটো আৰু এটা পোষ্ট আপলোড কৰে ফেচবুকত। অৱশ্যে কিশোৰটিয়ে  ফেচবুকত আপলোড কৰা ভিডিঅ’টিত কোনো ধৰণৰ কথা কোৱা নাছিল হৰিদেৱে।
তাৰ পিছতে কিশোৰটিয়ে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাছি লয়। ইফালে অমায়িক স্বভাৱৰ কিশোৰটিয়ে কিয় এনেদৰে চৰম সিদ্ধান্ত বাছি ল’লে সেয়া এতিয়ালৈকে ৰহস্যৰ আৱৰ্তত।
কৰ্মে সূত্ৰে গোৱালপাৰা চহৰত থকা হৰিদেৱে দুদিনমানৰ পূৰ্বে নিজৰ ঘৰলৈ আহিছিল যদিও ঘৰত কোনো ধৰণৰ কাজিয়া হোৱা নাছিল বুলি পৰিয়ালৰ লোক আৰু ওচৰ-চুবুৰীয়া লোকৰ পৰা জানিব পৰা গৈছে।