NORTHEAST NOW (Assamese)
অসম

মহানগৰীত আত্মীয়ৰ দ্বাৰাই যৌন নিৰ্য্যাতনৰ বলি হ’ল নাবালিকা

Posted by: মুকুট দাস Updated by: মুকুট দাস November 11, 2018 10:50 pm
Assam police rescue 13 trafficked persons from sex traders in Bihar

এসপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে গুৱাহাটী মহানগৰীত নাবালিকাক যৌন নিৰ্য্যাতনৰ ঘটনা সংঘটিত হ’ল। যৌন নিৰ্য্যাতনৰ এই দ্বিতীয়টো ঘটনা সংঘটিত হৈছে নুনমাটি অঞ্চলত। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অভিযুক্ত দুজনৰ নাম ক্ৰমে চুকাৰাম বসুমতাৰী (৩২) আৰু চুখাৰাম বড়ো (৩০)। দুয়োজন ভুক্তভোগী নাবালিকাগৰাকীৰ আত্মীয় আৰু দুয়োজনৰ আচল ঘৰ বাক্সাত।

এটা গোপন সূত্ৰৰ পম খেদি গুৱাহাটীৰ চাইল লাইনে আজি আবেলি নুনমাটি আৰক্ষীৰ সহযোগত ভুক্তভোগী নাবালিকাগৰাকীক উদ্ধাৰ কৰে।

অভিযুক্ত দুজনৰ চুখাৰাম বড়োক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও চুকাৰাম বসুমতাৰী পলাই সাৰে।

নুনমাটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিদানন্দ বৰাই নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে যে অঞ্চলটোৰ ৰেইলৱেই মাটিত থকা এটা জুপুৰি ঘৰত লম্পট দুজনে এই দুষ্কাৰ্য্য সংঘটিত কৰিছিল। আৰক্ষীয়ে দুয়োজনৰ বিৰুদ্ধে পছক’ আইনৰ ধাৰা ৬ আৰু ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ (আই) ধাৰাৰ অধীনত ৬৮৩/১৮ নম্বৰৰ গোচৰ ৰুজু কৰিছে।

ভুক্তভোগী নাবালিকাগৰাকী বৰ্তমান চাইল্ডলাইনৰ তত্ত্বাৱধানত আছে।

উল্লেখযোগ্য যে যোৱা ৫ নৱেম্বৰত উজনি অসমৰ চৰাইদেউ জিলাৰ পৰা ৰেইলযোগে অহা এগৰাকী নাবালিকাক অপহৰণ কৰি উত্তৰ গুৱাহাটীত কোনো দুষ্ট লোকে ধৰ্ষণ কৰিছিল। পিছত নাৱালিকাগৰাকীক কামৰূপ জিলাৰ চাইল্ড লাইনে উদ্ধাৰ কৰিছিল।