NORTHEAST NOW (Assamese)
অসম

হাজোত চাঞ্চল্য: যুৱতীৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰি ৰঙাঘৰৰ আলহী বিবাহিত আজাহুৰুদ্দিন

Posted by: মৃদুল প্ৰীতম ডেকা,হাজো Updated by: মৃদুল প্ৰীতম ডেকা,হাজো March 4, 2022 8:57 pm
হাজোত চাঞ্চল্য: যুৱতীৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰি ৰঙাঘৰৰ আলহী বিবাহিত আজাহুৰুদ্দিন

হাজোৰ ধুহিত চাঞ্চল্য। প্ৰথমে প্ৰেম তাৰ পাছত যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি সেই দৃশ্য ফেচবুকত ভাইৰেল কৰিলে এজন লম্পট লোকে।

ইয়াকেলৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে আজাহুৰুদ্দিন নামৰ লম্পট লোকজনে বিগত এটা পষেক ধৰি দশম শ্ৰেণীৰ ছাত্ৰী গৰাকীৰ অশ্লীল ভিডিঅ’, ফটো আদি যুৱতীগৰাকীৰ ফেচবুক একাউন্টৰ পৰাই আপলোড কৰি আহিছিল।

এই ভিডিঅ’ সকলোৰে মোবাইলে মোবাইলে বিয়পি পৰাৰ লগে লগে যুৱতী গৰাকীৰ ঘৰত হাহাকাৰ লাগে ।
ফলত মানসিক ভাৱে ভাগি পৰিছে ছাত্ৰী গৰাকী।

দুয়োৰে মাজত সম্পৰ্ক গঢ় লোৱাৰ পূৰ্বে কিশোৰীগৰাকীয়ে জনা নাছিল যে লম্পট আজাহুৰুদ্দিন আচলতে বিবাহিত লোক।

এই কথা গম পাই কিশোৰী গৰাকীয়ে লম্পট আজাহুৰুদ্দিনৰ সৈতে বিয়া হবলৈ অমান্তি হোৱাত লম্পট আজাহুৰুদ্দিনে যুৱতী গৰাকীৰ ফটো, ভিডিঅ’ ভাইৰেল কৰি দিয়ে।

আজি লম্পট আজাহুৰুদ্দিনক ৰাইজে ধৰি মাৰধৰ কৰাৰ লগতে কঞা আৰক্ষী থানাত গতাই দিয়ে।