NORTHEAST NOW (Assamese)

মহানগৰীৰ খাৰঘূলিৰ পানীৰ পাইপ বিস্ফোৰণৰ ঘটনাত ২ জনৰ মৃত্যু, বিধ্বস্ত ৪০ টাৰো অধিক ঘৰ

May 25, 2023 5:53 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 25, 2023 6:00 pm

মহানগৰীৰ খাৰঘূলিৰ জয়পুৰৰ গেমন জাইকাৰ পানী যোগান আঁচনিৰ পাইপ বিস্ফোৰণৰ ঘটনাৰ পিছতে অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। শেহতীয়া খবৰ অনুসৰি ২জন লোকৰ মৃত্যু হৈছে।

পানীৰ পাইপৰ এই বিস্ফোৰণৰ ঘটনাত সুচিত্ৰা ৰাভা নামৰ এগৰাকী মহিলাৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাত এটি শিশুৰো মৃত্যু ঘটে। বিস্ফোৰিত পাইপৰ পানীৰ তীব্ৰ সোঁতে সুমিত্ৰা ৰাভাৰ ঘৰ ধ্বংস কৰি পেলায়।

এই ঘটনাত ৩০ জনতকৈ অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে। আহতসকলৰ ভিতৰত এটি ৮ বছৰীয়া শিশুও আছে।

আনহাতে, পাইপৰ বিস্ফোৰণৰ ফলত পানীৰ প্ৰচণ্ড ঢৌৱে প্ৰায় ৪০ টাকৈ বাসগৃহ বিধ্বস্ত কৰে। বিস্ফোৰণৰ ফলত পানীত তীব্ৰ ঢৌৱে ৰাজপথৰ বাহনো দূৰলৈ চিটিকাই পেলায়। ইয়াৰ ফলত কেইবাখনো বাহন এই ঘটনাত ক্ষতিগ্ৰস্ত হৈছে।

বিস্ফোৰণৰ পাছতে অঞ্চলটোত বোকা আৰু পানীয়ে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। বিয়লি সংঘটিত হোৱা এই বিস্ফোৰণত এক বৃহৎ অঞ্চল প্ৰায় বিধ্বস্ত হৈ পৰে।

এই ঘটনাৰ পিছতে স্থানীয় লোকে উদ্ধাৰ অভিযান আৰম্ভ কৰে। স্থানীয় লোকে এই ঘটনাত ক্ষুব্ধ হৈ পৰিছে আৰু গেমন জাইকা তথা জি এম ডি এৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ গঢ়ি তোলাৰ সকীয়নি দিছে।

Related News