NORTHEAST NOW (Assamese)

কলিয়াবৰৰ নলতলিত ভয়ংকৰ পথ দুৰ্ঘটনা; এজন নিহত, গুৰুতৰভাৱে আহত পাঁচজন

November 2, 2018 11:56 am · ৰিদিপ শৰ্মা
ফটো : নৰ্থ-ইষ্ট নাও

আজি ৰাতিপুৱাই কলিয়াবৰৰ নলতলিত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। ট্ৰেভেলাৰ আৰু মেজিকৰ মাজত হোৱা প্ৰচণ্ড মুখামুখি সংঘৰ্ষৰ ফলত এজন লোক নিহত হোৱাৰ লগতে পাঁচজনকৈ লোক গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাত আহত হোৱা লোক কেইজনক স্থানীয় লোকৰ সহযোগত চুলুং আৰক্ষীয়ে তাৎক্ষণিকভাৱে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তী কৰায়।  ইফালে এই শোকাৱহ দুৰ্ঘটনাটোত নিহত হোৱা লোকজন কলিয়াবৰৰ ধনেখুৱাৰ নিৱাসী মদন বিশ্বাস (৫০) বুলি জানিব পৰা গৈছে।

আনহাতে আহত সকল ক্ৰমে চম্ভু চাহানী( জখলাবন্ধা), দীলিপ বৰুৱা, ( চিকণি বৰহুলা), লক্ষনলাল চুহান (জখলাবন্ধা), ঋষিকেশ বিশ্বাস ( নলতলি ধনেখুৱা) আৰু আমিৰুদ্দিন( নগাওঁ মাহগুৰি)ৰ বুলি চুলুং আৰক্ষীয়ে জানিব দিয়ে।

উল্লেখযোগ্য যে তেজপুৰ বিশ্বনাথ চাৰিআলি দিশৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এ এছ ০১ ই চি ৯১৬৬ নম্বৰৰ ট্ৰেভেলাৰ খনে ৰৈ থকা এখন বলেৰ পিক আপ ভানক বচাবলৈ চেষ্টা কৰোতে বিপৰীত দিশৰ পৰা আহি থকা এ এছ ০২ এ চি ৬৪১৫ নম্বৰৰ সামগ্ৰী কঢ়িওৱা মেজিক বাহন এখনৰ লগত প্ৰচণ্ড জোৰত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় বুলি স্থানীয় লোকে জনায়।

Related News