NORTHEAST NOW (Assamese)
অসম

বজ্ৰপাত পৰি পুৰণিগুদামৰ চলচলিত এজন লোকৰ মৃত্যু

Posted by: ভাৰ্গব হাজৰিকা March 19, 2019 8:55 pm

নগাঁও জিলাৰ পুৰণিগুদামৰ চলচলিত আজি বিয়লি সংঘটিত এক ঘটনাই সম্প্ৰতি সমগ্ৰ অঞ্চলটোতে শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে। চলচলিৰ ৰামটিলাআটিত বজ্ৰপাত পৰাৰ ফলত আজি এজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়।

নিহত লোকজনক চলচলিৰ ৰঙীয়া গাঁৱৰ গোবিন বৰা (৫৫) বুলি ঘটনাস্থলীত উপস্থিত অঞ্চলবাসীয়ে চিনাক্ত কৰিছে। একাংশ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে বিয়লি প্ৰায় ৪:৩০ বজাত ঘৰৰ সমীপৰ পথাৰত খেতি চাবলৈ যোৱাৰ সময়তে হঠাতে মেঘে-গাজনিৰে অহা এজাক বৰষুণৰ মাজতে পৰা বজ্ৰপাতত লোকজনৰ মৃত্যু হয়।

ঘটনা সম্পৰ্কত আৰক্ষীক খবৰ দিয়াত পুৰণিগুদাম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিহত গোবিন বৰাৰ মৃতদেহটো উদ্ধাৰ কৰি স্থানীয় ৰাইজৰ সহযোগত নগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে  প্ৰেৰণ কৰে।