NORTHEAST NOW (Assamese)
অসম

ছ’চিয়েল মেডিয়াত দুই সন্তানসহ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দি গ্ৰেপ্তাৰ হ’ল প্ৰাক্তন সেনা জোৱান

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 23, 2020 1:24 pm
index.jpg3

মন্ত্ৰী হিমন্ত আৰু দুই সন্তানক হত্যাৰ ভাবুকি দি আৰক্ষীৰ অপৰাধ শাখাৰ জালত পৰিল প্ৰাক্তন সেনা জোৱান।

ছ’চিয়েল মেডিয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ দুই সন্তানক হত্যাৰ ভাবুকি প্ৰাক্তন সেনা জোৱানজনে।

তীৰ্থ চলিহা নামৰ সেনাৰ প্ৰাক্তন জোৱানজনে কালি নিশা ফেচবুক পোষ্টযোগে দিছিল এই ভাবুকি।

আনকি হিমন্ত বিশ্ব শৰ্মাৰ পত্নীক লৈয়ো অশ্লীল মন্তব্য কৰিছিল চলিহাই।

 

কি কাৰণত হিমন্ত বিশ্ব শৰ্মা, পত্নী পুত্ৰ-কন্যাক সাঙুৰি এনে মন্তব্য কৰিছিল সেয়া বৰ্তমানো জানিব পৰা হোৱা নাই।

আজি পুৱাৰ ভাগত অসম আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰি আনে তীৰ্থ চহিলা নামৰ প্ৰাক্তন সেনা জোৱানজনক।

গুৱাহাটীৰ সাতগাওঁৰ পৰা গ্ৰেপ্তাৰ কৰে তীৰ্থ চলিহাক। তেওঁৰ প্ৰকৃত ঘৰ লখিমপুৰ বিহপুৰীয়াত।

বৰ্তমান তেওঁক সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীৰ অপৰাধ শাখাই।

ইপিনে, যোৱা দুদিন ধৰি বিহপুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক কেন্দ্ৰ কৰিও তেওঁ ফেচবুকত লিখি আছিল।