NORTHEAST NOW (Assamese)

এইবাৰ ইৰাণী গ্ৰুপৰ সদস্যক এনকাউন্টাৰ দিশপুৰ আৰক্ষীৰ

December 18, 2021 1:53 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী
Updated: December 18, 2021 2:13 pm

এইবাৰ ইৰাণী গ্ৰুপৰ সদস্যক এনকাউন্টাৰ দিশপুৰ আৰক্ষীৰ।

দুৰ্ধৰ্ষ ইৰাণী গ্ৰুপৰ সদস্য অমৰ গোৱালা গুলিবিদ্ধ হৈছে।

ইৰাণী গ্রুপৰ সদস্যজনে পলাবলৈ লওতেই ভৰিত গুলিয়ালে দিছপুৰ আৰক্ষীয়ে।

কলাক্ষেত্ৰৰ সমীপত নিশা ১:৩০ বজাত পলাবলৈ লওঁতেই ভৰিত গুলিয়ায় ইৰাণী গ্রুপৰ সদস্যজনক।

শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অমৰক।

পৌৰ নিগমৰ কৰ্মচাৰীৰ পৰা প্ৰায় ৩ লাখ ৩৫ হাজাৰ টকা লুটৰ ঘটনাত জড়িত আছিল অমৰ গোৱালা।

ঝাৰখাণ্ডৰ পৰা আহিছিল চাৰিজনীয়া ইৰাণী গ্রুপৰ এটা দল।

দুখন বাইকত আহিছিল চাৰিজন যুৱক।

পুতলা পিষ্টল দেখুৱাই লুট কৰিছিল ধন।

পলাতক তিনিজনক বিচাৰি দিছপুৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

Related News