NORTHEAST NOW (Assamese)
অসম

অসমৰ ৩৫ হেজাৰ প্ৰাথমিক বিদ্যালয়ত নাই স্থায়ী প্ৰধান শিক্ষক: ২২ জানুৱাৰিত দিচপুৰ কঁপাব ১ লাখ প্ৰাথমিক শিক্ষকে

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া December 24, 2020 7:21 pm
PRIMARY-750x375

সমগ্ৰ অসমত আছে ৩৫ হাজাৰ প্ৰাথমিক বিদ্যালয় । আচৰিত কথা যে আজি পৰ্যন্ত এই বিদ্যালয় সমুহৰ এখনতো নাই স্থায়ী প্ৰধান শিক্ষক।

ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকেই চলাই আছে ৰাজ্যৰ ৩৫ হাজাৰ প্ৰাথমিক বিদ্যালয়।

১৯৭৬ চনত প্ৰাদেশীকৃত হোৱা প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ স্থায়ীকৰণৰ বাবে ১৯৮২ চনৰ পৰা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে দাবী কৰি আহিছে।

সেই বছৰতে জ্যেষ্ঠতাৰ ভিত্তিত গেজেট নটিফিকেশ্যনৰ দ্বাৰা প্ৰধান শিক্ষক পদৰ বাবে ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰিছিল অসম চৰকাৰে। কিন্তু ৩৮ বছৰ অতিক্রম কৰাৰ পাছতো সেইয়া কাৰ্যকৰী নহ’ল।

অহা ২০২১ৰ ২২ জানুৱাৰিত অসমৰ ১ লাখ প্ৰাথমিক শিক্ষকে দিচপুৰৰ সচিবালয় ঘেৰাও কৰিব বুলি ঘোষণা কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জীৱন চন্দ্র বৰাই।

বৃহস্পতিবাৰে বোকাখাতত সাংবাদিকক সম্বোধন কৰি জীৱন চন্দ্ৰ বৰাই কয় যে ২০১৯ বৰ্ষৰ ৩০ ডিচেম্বৰত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ স্থায়ীকৰণৰ বিষয় সন্দৰ্ভত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালক অৱগত কৰিছিল অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে।

আলোচনাত মুখ্যমন্ত্রী গৰাকীয়ে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিযুক্তিৰ বিষয়টো এমাহৰ ভিতৰত  নিষ্পত্তি কৰাৰ আশ্বাসো দিছিল।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দিয়া এই প্ৰতিশ্ৰুতি অহা ৩০ ডিচেম্বৰত এবছৰ সম্পূর্ণ হ’ব যদিও  প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পদত স্থায়ী নিযুক্তি আজিও নহ’ল ৷ এই সম্পৰ্কত সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰখনে কোনো সু-ব্যৱস্থা গ্ৰহণ নকৰিলে।

যোৱা ৫ আৰু ১৪ নৱেম্বৰত শিক্ষামন্ত্রীক লগ ধৰি বিষয়টোৰ সম্পৰ্কত পুনৰ অৱগত কৰাৰ পাছতো কোনো সঁহাৰি নোপোৱাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অহা ২২ জানুৱাৰীত দিচপুৰ ঘেৰাও কাৰ্যসূচী ল’বলৈ বাধ্য হোৱা বুলি সভাপতিগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে।

ইয়াৰ উপৰিও যদিহে অসম চৰকাৰে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ স্থায়ী নিযুক্তিৰ ব্যৱস্থা নকৰে তেন্তে পাঠ দানৰ বাহিৰে বিত্তীয় লেনদেন, মধ্যাহ্ন ভোজন আদিৰ কাম তথাকথিত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে নকৰে বুলিও স্পষ্ট কৰি দিয়ে সন্মিলনীৰ সভাপতি জীৱন চন্দ্ৰ বৰাই ।