NORTHEAST NOW (Assamese)
অসম

নলবাৰীত ব’লব’ম যাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত; ১ জন নিহত, ২২ জন আহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 5, 2019 10:42 am

নলবাৰী জিলাৰ বৰকুৰাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে অৰ্থাৎ ৪ আগষ্টৰ নিশা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

এই দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে ২২ জন আহত হয়। আহতসকলৰ ১২ জনৰ অৱস্থা সংকটজনক। তেওঁলোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।

দুৰ্ঘটনাটোত থিতাতে নিহতজনক শ্ৰীনাথ চৌহান বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ বিৱৰণি মতে একাংশ ব’লব’ম যাত্ৰী মঙলদৈৰ পৰা ধুবুৰীৰ মহামায়ালৈ বুলিএখন ডি আই গাড়ীৰে গৈছিল। তেনেতে নলবৰাৰীৰ বৰকুৰাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰবেগী ট্ৰাকে প্ৰচণ্ড জোৰত খুন্দা মাৰে। ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই গাড়ীৰ চালক আৰু হেণ্ডিমেনে দুৰ্ঘটনাস্থলীৰ পৰা পালয়ন কৰে।