NORTHEAST NOW (Assamese)

বোকাখাতত তীব্ৰবেগী বাছৰ খুন্দাত গুৰুতৰভাৱে আহত কিশোৰী

August 11, 2018 7:34 pm · উত্তম শইকীয়া
Updated: August 11, 2018 7:37 pm

বোকাখাতৰ বৰজুৰিত আজি সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী কিশোৰী গুৰুতৰভাৱে আহত হোৱাৰ লগতে আন এগৰাকী কিশোৰীৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

প্ৰাপ্ত তথ্য মতে যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী এ এছ ০৪ বি চি ০৫৭০ নম্বৰৰ জে পি ট্ৰেভেলছ্ নামৰ তীব্ৰবেগী যাত্ৰীবাহী বাছখনে বোকাখাতৰ বৰজুৰিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত একেদিশেৰে সাপজুৰিৰ পৰা বৰজুৰিলৈ চাইকেলেৰে গৈ থকা কোচী দাস আৰু পল্লৱী দাস নামৰ কিশোৰী দুগৰাকীক প্ৰচণ্ড জোৰত খুন্দা মাৰে।

ফলত পল্লৱী দাস নামৰ কিশোৰী গৰাকী কথমপি চাইকেলৰ পৰা জঁপিয়াই নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও আন গৰাকী কিশোৰী কোচী দাস বাছখনৰ খুন্দাত বহু দূৰত উফৰি পৰে। আৰু গুৰুতৰভাৱে আহত হয়।

পিছত গুৰুতৰভাৱে আহত কোচী দাসক ততাতৈয়াকৈ বোকাখাৰত চহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

পৰৱৰ্তী সময়ত প্ৰাথমিক চিকিৎসা কৰি সংকটজনক অৱস্থাত কোচী দাসক উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।

ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা যাত্ৰীবাহী বাছখন বোকাখাত আৰক্ষী থানাৰ যানবাহন আৰক্ষীয়ে জব্দ কৰিছে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Related News