NORTHEAST NOW (Assamese)

বিশ্বনাথত চাঞ্চল্য: নিশা ঘৰৰ পৰা ফোন কৰি মাতি আনি এজনক হত্যা

June 11, 2021 7:54 pm · কাজী জেইদুল ইছলাম
Updated: June 11, 2021 7:55 pm

বিশ্বনাথৰ বাঘমাৰীত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ।

স্থানীয় লোকৰ মতে বিশ্বনাথৰ ছুটপামৰ নুৰ হক(৩৬) নামৰ লোকজনক নিশা ১০:৩০ মান বজাত কোনো লোকে ফোন কৰি মাতি আনি হত্যাকৰি হাত ভৰি বান্ধি এটা বস্তাত ভৰাই পেলেই বুঢ়ীগাং নৈত উটুৱাই দিয়ে ।

এই ঘটনা পোহৰলৈ আহে আজি বিয়লিৰ ভাগত ।

আজি বিশ্বনাথৰ ননকে জাপৰুগুৰীৰ বুঢ়ীগাং নলাত উদ্ধাৰ হয় মৃত নুৰ হকৰ মৃতদেহ।
ননকে জাপৰুগুৰীৰ বুঢ়ীগাং নৈ পাৰ হৈ এগৰাকী মহিলাই পথাৰত কাম কৰা লোকক ভাত দিবলৈ যাওঁতে মহিলা গৰাকীৰ ভৰিত লাগে মৃতদেহ ভৰাই ৰখা বস্তাটো।

মহিলাগৰাকীয়ে লগে লগে খবৰ দিয়ে গাঁওবাসীক।এই খবৰ বিয়পি পৰাৰ লগে লগে উক্ত স্থানত মৃত নুৰ হকৰ পৰিয়াল আহি পানীৰ পৰা উদ্ধাৰ কৰে বস্তাটো আৰু প্ৰত্যক্ষ কৰে নুৰ হকৰ মৃতদেহ।
মৃতদেহটোৰ হাত ভৰিত ৰছীৰে বন্ধি থোৱা অৱস্থাত বস্তাত ভৰাই নৈত পেলাই দিয়া হৈছিল বুলি সন্দেহ কৰা হৈছে।

ইফালে যোৱা নিশাৰ পৰাই নুৰ হক ঘৰৰ পৰা নিৰুদ্দেশ হোৱা সন্দৰ্ভত মৃত নুৰ হকৰ পৰিয়ালে আজি পুৱা নিৰুদ্দেশ সন্দৰ্ভত বিশ্বনাথৰ জিনজিয়া থানাত দাখিল কৰিছিল এক গোচৰ।

ইফালে মৃত নুৰ হকৰ পৰিয়ালৰ লোকে জনোৱা মতে মৃত নুৰ হকৰ আছিল হেনো বহু শত্ৰু।
ইতিমধ্যে জিনজিয়া থানাৰ আৰক্ষীৰ দল উক্ত স্থানত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

পৰবৰ্তী সময়তহে আৰক্ষীৰ তদন্তত ওলাব এই হত্যা কাণ্ডৰ লগত কোন জড়িত আছে।কিন্তু এনেদৰে এজন লোকক হত্যাকৰি হাত ভৰি বান্ধি বস্তাত ভৰাই মৃতদেহ নৈত পেলাই দিয়া ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related News