NORTHEAST NOW (Assamese)

এক দেশ–এক নিৰ্বাচন: পশ্চিমবংগ, অসম-সহ কেইবাখনো ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল হ্ৰাসৰ সম্ভাৱনা

July 12, 2026 2:07 pm · এন ই নাও নিউজ, গুৱাহাটী

দেশজুৰি লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন একে সময়ছোৱাত অনুষ্ঠিত কৰাৰ লক্ষ্যৰে আগবঢ়োৱা ‘এক দেশ–এক নিৰ্বাচন’ পৰিকল্পনাক কেন্দ্ৰ কৰি নতুনকৈ বিতৰ্কৰ সূচনা হৈছে। এই পৰিকল্পনা কাৰ্যকৰী হ‘লে পশ্চিমবংগ, অসম, কেৰলম, তামিলনাডু আদি ২০২৬ চনত নিৰ্বাচিত বিধানসভাসমূহৰ সম্পূৰ্ণ পাঁচবছৰীয়া কাৰ্যকাল অক্ষুণ্ণ নাথাকিব পাৰে। ২০২৯ চনত লোকসভাৰ নিৰ্বাচনৰ লগত সামঞ্জস্য স্থাপন কৰিবলৈ এই ৰাজ্যসমূহৰ বিধানসভাৰ কাৰ্যকাল আগতেই সমাপ্ত কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে।

কেন্দ্ৰীয় চৰকাৰে ‘এক দেশ–এক নিৰ্বাচন’ৰ লক্ষ্য বাস্তৱায়নৰ বাবে সাংবিধানিক সংশোধনী বিধেয়ক আগবঢ়াইছে। এই বিধেয়কসমূহৰ বিস্তৃত পৰ্যালোচনাৰ দায়িত্ব সংসদীয় যুটীয়া সমিতিৰ ওপৰত ন্যস্ত কৰা হৈছে। সমিতিৰ অধ্যক্ষ পি. পি. চৌধাৰীয়ে জনাইছে যে, দেশৰ বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি ৰাজ্য চৰকাৰ, ৰাজনৈতিক দল, সাংবিধানিক বিশেষজ্ঞ, সমাজৰ বিভিন্ন অংশ আৰু আন অংশীদাৰৰ মতামত সংগ্ৰহ কৰা হৈছে। তেওঁৰ মতে, এই ব্যৱস্থাৰ ফলত শাসনব্যৱস্থা অধিক সুসংহত হ’ব, পুনঃপুনঃ নিৰ্বাচনৰ ব্যয় হ্ৰাস পাব আৰু উন্নয়নমূলক কাৰ্যত প্ৰশাসনে অধিক সময় দিব পাৰিব।

সমিতিৰ ব্যাখ্যানুসৰি, ‘এক দেশ–এক নিৰ্বাচন’ৰ অৰ্থ সমগ্ৰ দেশত একেদিনাই ভোটগ্ৰহণ নহয়। লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন পৰ্যায়ক্ৰমে অনুষ্ঠিত হ’ব যদিও পাঁচ বছৰত এবাৰহে এই নিৰ্বাচনী চক্ৰ আহিব।

এই পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয় হৈছে নিৰ্বাচনী সময়সূচীৰ সমন্বয়। বৰ্তমান বিভিন্ন ৰাজ্যত বিভিন্ন সময়ত বিধানসভাৰ কাৰ্যকাল সমাপ্ত হয়। সেইবাবে একেটা নিৰ্বাচনী চক্ৰ গঢ়ি তুলিবলৈ কিছুমান ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল হ্ৰাস অথবা কিছুমান ক্ষেত্ৰত বৃদ্ধি কৰাৰ প্ৰয়োজন হ‘ব পাৰে। বিশেষকৈ ২০২৬ চনত নিৰ্বাচন অনুষ্ঠিত হোৱা পশ্চিমবংগ, অসম, কেৰলম আৰু তামিলনাডুৰ বিধানসভাৰ কাৰ্যকাল ২০৩১ চনলৈ থাকিব লাগিছিল যদিও সমন্বিত নিৰ্বাচন ব্যৱস্থা প্ৰৱৰ্তন হ’লে ২০২৯ চনতেই পুনৰ নিৰ্বাচনৰ সম্ভাৱনা আছে।

সংবিধানৰ ১৭২ নং অনুচ্ছেদ অনুসৰি সাধাৰণ পৰিস্থিতিত ৰাজ্যিক বিধানসভাৰ কাৰ্যকাল পাঁচ বছৰ। সেইবাবে কাৰ্যকাল হ্ৰাস কৰিবলৈ সাংবিধানিক সংশোধন অপৰিহাৰ্য। এই কাৰণেই প্ৰস্তাৱিত ব্যৱস্থাক লৈ সাংবিধানিক, ৰাজনৈতিক আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বিভিন্ন দিশত ব্যাপক আলোচনা চলিছে।

‘এক দেশ–এক নিৰ্বাচন’ৰ মূল যুক্তি হৈছে শাসনব্যৱস্থাক অধিক স্থিৰ আৰু ফলপ্ৰসূ কৰা। বৰ্তমান প্ৰায় প্ৰতি বছৰে কোনোবা নহয় কোনোবা ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ফলত আদৰ্শ আচৰণবিধি বলবৎ হয় আৰু বহু উন্নয়নমূলক সিদ্ধান্ত বিলম্বিত হয়। কেন্দ্ৰৰ যুক্তি অনুসৰি, সমন্বিত নিৰ্বাচন হ’লে ৰাজকোষীয় ব্যয় হ্ৰাস পাব, প্ৰশাসনিক জনশক্তিৰ ওপৰত চাপ কমিব আৰু উন্নয়নমূলক কাৰ্যত অধিক মনোনিবেশ কৰা সম্ভৱ হ’ব।

আনহাতে সমালোচকসকলৰ মতে, নিৰ্বাচিত বিধানসভাৰ পাঁচবছৰীয়া কাৰ্যকাল জনসাধাৰণৰ গণতান্ত্ৰিক আদেশৰ অংশ। সেই কাৰ্যকাল আগতেই সমাপ্ত কৰিলে ভোটাৰৰ আদেশৰ পূৰ্ণ বাস্তৱায়ন নোহোৱাৰ আশংকা থাকে। লগতে কেন্দ্ৰ আৰু ৰাজ্যৰ স্বতন্ত্ৰ সাংবিধানিক স্থানৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে বুলি বহু বিশেষজ্ঞই মত প্ৰকাশ কৰিছে।

অসমৰ ক্ষেত্ৰতো এই প্ৰস্তাৱ বিশেষ তাৎপৰ্যপূৰ্ণ। ২০২৬ চনত গঠিত হোৱা বিধানসভাই স্বাভাৱিকভাৱে ২০৩১ চনলৈ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ কথা। কিন্তু সমন্বিত নিৰ্বাচনী ব্যৱস্থা কাৰ্যকৰী হ‘লে ৰাজ্যখনে ২০২৯ চনতেই পুনৰ নিৰ্বাচনৰ সন্মুখীন হ’ব পাৰে। অৱশ্যে এই সকলো সম্ভাৱনা সংসদে প্ৰয়োজনীয় আইন আৰু সাংবিধানিক সংশোধনী গৃহীত কৰাৰ পাছতহে নিশ্চিত হ’ব।

সেয়ে বৰ্তমান এই প্ৰস্তাৱক চূড়ান্ত সিদ্ধান্ত বুলি গণ্য কৰিব নোৱাৰি। সংসদীয় যুটীয়া সমিতিৰ প্ৰতিবেদন, সংসদৰ আলোচনা, সাংবিধানিক সংশোধনী আৰু সম্ভাৱ্য ন্যায়িক পৰ্যালোচনাৰ পাছতহে ‘এক দেশ–এক নিৰ্বাচন’ ব্যৱস্থাৰ চূড়ান্ত ৰূপ স্পষ্ট হ’ব।

 

Related News