NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ গড়মুৰত ৩৭ নং ৰাষ্ট্ৰীয় পথত দুৰ্ঘটনা; এজনৰ মৃত্যু

Posted by: উত্তম শইকীয়া, বোকাখাত Updated by: উত্তম শইকীয়া, বোকাখাত October 4, 2021 8:21 pm
Bokakhat accident

বোকাখাতৰ গড়মূৰত সোমবাৰৰ দিনা ৩৭ নং ৰাষ্ট্ৰীয় পথত এক শোকাবহ পথ দুৰ্ঘটনা সংঘৰ্টিত হয় ৷

দুৰ্ঘটনাটোত এজন মটৰ চাইকেল আৰোহী যুৱকৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।

বোকাখাতৰ পৰা AS 05 09159 নম্বৰৰ মটৰ চাইকেলেৰে কমাৰগাওঁৰ বৰবালিলৈ বুলি গৈ থকা অৱস্থাত গড়মুৰত বিপৰীত দিশৰ পৰা অহা AS 16 C 3988 নম্বৰৰ ট্ৰাকখনৰ সৈতে হোৱা সংঘৰ্ষত পতিত হয় দুই যুৱক।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুই যুৱকক বোকাখাত আৰক্ষীৰ যান-বাহন শাখাই বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ নি প্ৰাথমিক চিকিৎসা প্ৰদান কৰে ৷

পাছত যুৱকদ্বয়ৰ অৱস্থা সংকটজন হোৱাত দুয়োকে যোৰহাট মেডিকেল কলেজ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

ইয়াৰে এজন যুৱকৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত মৃত্যু হয়।

নিহত যুৱক জনৰ নাম দীপক ছেত্ৰী বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ ৷

ইফালে দুৰ্ঘটনাত আহত কৰ্ণ বাহাদুৰ ছেত্ৰী নামৰ যুৱকজন বাতৰি লিখা সময়ত যোৰহাটত চিকিৎসাধীন হৈ আছে।