NORTHEAST NOW (Assamese)
অসম

লখিমপুৰত বিদ্যুৎস্পৃষ্ট হৈ নিহত এজন শ্ৰমিক; গুৰুতৰভাৱে আহত এজন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 12, 2019 8:06 am
electrocuted-1140x570

লখিমপুৰৰ চাউল ধোৱাৰ কাটৰি চাপৰিত কালি অৰ্থাৎ ১১ অক্টোবৰত বিদ্যুৎস্পৃষ্ট হৈ এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন এজন শ্ৰমিক আহত হয়। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

এ পি ডি চি এলৰ বগী নদী উপমণ্ডলৰ অধীনত কাটৰি চাপৰিত বিদ্যুৎ পৰিবাহী তাঁৰ স্থানান্তৰৰ সময়তে এই ঘটনা সংঘটিত হয় ৷ নিহত শ্ৰমিকজনক কৃষ্ণ বৰা বুলি চিনাক্ত কৰা হৈছে।

ইফালে এই ঘটনাত গুৰুতৰভাৱে আহত শ্ৰমিকজনক দেৱজিত বৰা বুলি চিনাক্ত কৰা হৈছে। আহত দেৱজিত বৰা সম্প্ৰতি উত্তৰ লখিমপুৰৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন।

জানিব পৰা মতে কালি বিয়লি ৩ বজাত শ্ৰমিক দুজনে ২২০ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ স্থানান্তৰ কৰাৰ সময়তে ওপৰেদি যোৱা ১১ কেভি বিদ্যুৎ পৰিবাহী তাঁৰৰ পৰা বিদ্যুৎ প্ৰৱাহিত হৈ কৃষ্ণ বৰা নামৰ শ্ৰমিকজন নিহত হয় আৰু আনজন আহত হয়।