NORTHEAST NOW (Assamese)

গণশিল্পী ৰাজীৱ শদিয়াৰ ভূমি কেলেংকাৰীত জড়িত এজনক গ্ৰেপ্তাৰ

June 12, 2025 12:00 pm · এন ই নাও নিউজ, গুৱাহাটী

প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ ভূমি জালিয়াতি কৰা প্ৰৱঞ্চক অৱশেষত আৰক্ষীৰ জালত পৰিল। ৰাজীৱ শদিয়াৰ তিনিচুকীয়াৰ গেলাপুখুৰীৰ ভূমি বেংক বিষয়া অমৃত কুমাৰ ঝাৰে মিলি ৫০ লাখ টকাৰ জালিয়াতি কৰিছিল আনন্দ ৰাছিবাচিয়া নাম এটা প্ৰৱঞ্চকে।

ভূমি জালিয়াতি কৰি ধন লুটি পলাতক অৱস্থাত থকা তিনিচুকীয়াৰ প্ৰৱঞ্চক আনন্দ ৰাছিবাচিয়াকে। কিন্তু অৱশেষত উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চকটোক।

উত্তৰ প্ৰদেশৰ মিৰাটত এটা ভাড়াঘৰলৈ আত্মগোপন কৰি থকা আনন্দ ৰাছিবাচিয়াক উত্তৰ প্ৰদেশ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিছে তিনিচুকীয়া আৰক্ষীৰ এটা দলে৷

তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ TSI ধ্ৰুৱ প্ৰকাশ বৈশ্যৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে মিৰাটত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে পলাতক আনন্দ ৰাছিবাচিয়াক৷

Related News